বৰ্তমানৰ ব্যস্ত জীৱনত মানসিক চাপ আমাৰ দৈনন্দিন জীৱনৰ এটা অংশ হৈ পৰিছে । কৰ্মৰ চাপ, সম্পৰ্কত উত্তেজনা, আৰ্থিক চিন্তা আৰু ডিজিটেল জীৱনশৈলীয়ে আমাক মানসিকভাৱে ভাগৰুৱা কৰি তোলে । অহৰহ মানসিক চাপে কেৱল আমাৰ মানসিক শান্তিত প্ৰভাৱ পেলোৱাই নহয়, ইয়াৰ ফলত অনিদ্ৰা, উচ্চ ৰক্তচাপ আৰু হতাশাৰ দৰে স্বাস্থ্যজনিত সমস্যাও হ’ব পাৰে । কিন্তু ভাল খবৰটো হ’ল কিছুমান সৰু সৰু অভ্যাস গ্ৰহণ কৰিলে আপুনি আপোনাৰ জীৱনটো সুখী আৰু মানসিক চাপমুক্ত কৰিব পাৰে ।
এই অভ্যাসবোৰ গ্ৰহণ কৰিবলৈ আপুনি কোনো ডাঙৰ পৰিৱৰ্তন কৰাৰ প্ৰয়োজন নাই । মাত্ৰ অলপ সময় আৰু সজাগতা যথেষ্ট । আজি আমি সেই ৫টা অভ্যাসৰ বিষয়ে ক’ম যিয়ে আপোনাক মানসিকভাৱে সবল কৰি তুলিব । লগতে আপোনাৰ মনটো শান্ত হৈ থাকিব, চিন্তাবোৰ ইতিবাচক হ’ব আৰু আপুনি জীৱনটো ভালকৈ উপভোগ কৰিবলৈ সক্ষম হ’ব ।
মাইণ্ডফুলনেছ গ্ৰহণ কৰক-
মাইণ্ডফুলনেছ মানে প্ৰতিটো কাম সম্পূৰ্ণ মনোযোগ আৰু সচেতনতাৰে কৰা । এই কৌশলে আপোনাক বৰ্তমানৰ মাজত জীয়াই থাকিবলৈ শিকাই । দিনটোত মাত্ৰ ১০ মিনিট ধ্যান বা উশাহ-নিশাহত মনোনিৱেশ কৰিলে আপোনাৰ মানসিক চাপ হ্ৰাস পাব পাৰে । মাইণ্ডফুলনেছ প্ৰেকটিছে আপোনাৰ মনোযোগ উন্নত কৰে আৰু নেতিবাচক চিন্তাধাৰাৰ পৰা মুক্তি পোৱাত সহায় কৰে ।
আপোনাৰ স্থানৰ শৃংখলা লগাওক-
বহু গৱেষণাৰ পৰা দেখা গৈছে যে খেলিমেলি ঘৰ বা অফিচৰ স্থানে মনৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায় । যদি আপোনাৰ কোঠাটো বিশৃংখল হয় তেন্তে ই আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায় । প্ৰতিদিনে ১০-১৫ মিনিট সময় উলিয়াই ঠাইখিনি শৃংখলা লগাই লওক । অপ্ৰয়োজনীয় বস্তু আঁতৰাই পেলাওক, ইয়াৰ দ্বাৰা আপোনাৰ মনটোও পাতল অনুভৱ হ’ব । পৰিষ্কাৰ ঠাইত কাম কৰিলে উৎপাদনশীলতাও বৃদ্ধি পায় ।
দৈনন্দিন ৰুটিন সৃষ্টি কৰক আৰু অনুসৰণ কৰক-
ৰুটিন অবিহনে জীৱন বিশৃংখল হৈ পৰে । প্ৰতিদিনে নিয়মীয়া ৰুটিন সৃষ্টি কৰাটো গুৰুত্বপূৰ্ণ, যাতে আপুনি সময়মতে কাম সম্পূৰ্ণ কৰিব পাৰে আৰু লগতে জিৰণি ল’বলৈও সময় উলিয়াব পাৰে । ৰাতিপুৱা সোনকালে উঠাৰ লগতে ৰাতি সময়মতে শুব । ৱৰ্কআউট, খাদ্য আৰু জিৰণিৰ বাবে এটা নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰক । ইয়াৰ ফলত কৰ্ম-জীৱনৰ ভাৰসাম্য উন্নত হ’ব আৰু মানসিক চাপ হ্ৰাস পাব ।
স্ক্ৰীণৰ সময় সীমিত কৰক-
ডিজিটেল জীৱনৰ অংগ হৈ পৰা পৰ্দা বা স্ক্ৰীণত বেছি সময় কটালে মানসিক চাপ বৃদ্ধি পাব পাৰে । কামৰ পিছত পৰ্দাৰ সময় কম কৰক । ৰাতি শুবলৈ যোৱাৰ অন্ততঃ এঘণ্টা পূৰ্বে ফোন বা লেপটপ ব্যৱহাৰ বন্ধ কৰক । ছুটিৰ দিনত ডিজিটেল ডিটক্স কৰক আৰু প্ৰকৃতিৰ ওচৰ চাপক ।
আত্ম-যত্ন কৰাটো অভ্যাসত পৰিণত কৰক-
এই ব্যস্ত জীৱনত আমি প্ৰায়ে নিজকে আওকাণ কৰোঁ । সেইবাবেই আপুনি আত্ম-যত্নক অগ্ৰাধিকাৰ দিয়াটো গুৰুত্বপূৰ্ণ । সপ্তাহত এবাৰ আপোনাৰ প্ৰিয় কামটো কৰক – যেনে কিতাপ পঢ়া, সংগীত শুনা বা ৰন্ধা-বঢ়া কৰা । নিয়মিতভাৱে ব্যায়াম কৰক আৰু স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক । নিজৰ বাবে সময় উলিয়ালে আপোনাৰ মানসিক স্বাস্থ্যৰ উন্নতি ঘটিব ।