জ্বলা তথা মচলাযুক্ত খাদ্য হৈছে ভাৰতীয় ৰন্ধন প্ৰণালীৰ এক অত্যাৱশ্যকীয় অংশ । ভাৰতত সাধাৰণতে দাইলৰ পৰা আন বহু ব্যঞ্জনলৈ বিভিন্ন ৰেচিপিত ৰঙা জলকীয়া অথবা ৰেড চিলি ব্যৱহাৰ কৰিবলৈ পছন্দ কৰা হয় । ইয়াৰ লগতে, আমাৰ পাকঘৰত ৰঙা জলকীয়া গুৰি যথেষ্ট ব্যৱহাৰ কৰা হয়, কিন্তু জ্বলা উপাদানবোৰ সীমিত পৰিমাণত ব্যৱহাৰ কৰিব লাগে কিয়নো অত্যাধিক ব্যৱহাৰৰ ফলত বিভিন্ন সমস্যা হ’ব পাৰে ।
কিয় জ্বলা বেছিকৈ খাব নালাগে ?
বদহজম-
অত্যধিক জ্বলা খোৱাৰ ফলত পাচনতন্ত্ৰত অসুবিধাৰ সৃষ্টি হ’ব পাৰে । ইয়াৰ ফলত বদহজম, গেছ, পেটৰ সমস্যা আদি হ’ব পাৰে । পাচনতন্ত্ৰই স্বাস্থ্যসন্মতভাৱে কাম কৰাত সহায় কৰিবলৈ জ্বলা খাদ্যৰ সেৱন সীমিত কৰাটো গুৰুত্বপূৰ্ণ ।
মানসিক সমস্যা-
বেছিকৈ জ্বলা খোৱাৰ অভ্যাসে মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে । ইয়াৰ ফলত অধিক মানসিক চাপ, উদ্বেগ আৰু অস্থিৰতা হ’ব পাৰে । জ্বলা সাৱধানে সেৱন কৰাটো বাঞ্ছনীয় যাতে ইয়াৰ বাবে মানসিক স্বাস্থ্যৰ ওপৰত কোনো পাৰ্শ্বক্ৰিয়া নহয় ।
উচ্চ ৰক্তচাপ-
জ্বলাত অধিক নিমখ আৰু মছলা থাকে, যাৰ বাবে ৰক্তচাপ বৃদ্ধি পাব পাৰে । যদি আপুনি ইতিমধ্যে উচ্চ ৰক্তচাপত আক্ৰান্ত ৰোগী তেন্তে জ্বলা আৰু মছলা খোৱাৰ পৰিমাণ কমাই দিব লাগে, অন্যথা দীৰ্ঘম্যাদীভাৱে ই হৃদৰোগৰ সৃষ্টি কৰিব পাৰে ।
শুকান ছাল-
অত্যধিক জ্বলা খোৱাৰ ফলত ছালৰ আৰ্দ্ৰতা হ্ৰাস পায়, যাৰ ফলত ছাল শুকান আৰু ছালৰ সমস্যা হ’ব পাৰে । গতিকে জ্বলা মছলা সীমিত পৰিমাণতহে খোৱাটো বুদ্ধিমানৰ কাম ।
ওজন বৃদ্ধি-
জ্বলা আৰু মচালাযুক্ত খাদ্য বৃহৎ পৰিমাণে খালে ওজন বৃদ্ধি হ’ব পাৰে । ইয়াৰ কাৰণ হ’ল ইয়াত অধিক কেলৰি থাকে আৰু ইয়াক খোৱাৰ পিছত অধিক ভোক অনুভৱ কৰিব পাৰে ।
পাইলছ-
আপুনি নিশ্চয় লক্ষ্য কৰিছে যে অত্যধিক জ্বলা আৰু মছলা খোৱা লোকসকল বহু সময়ত পাইলছ তথা অৰ্শ ৰোগৰ চিকাৰ হয় । গতিকে আজিৰে পৰাই আপুনি জ্বলা খোৱাটো নিয়ন্ত্ৰণ কৰা উচিত ।