জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৮ জন লোকৰ মৃত্যু হৈছে। চিকিৎসালয়ত অব্যাহত আছে আহতসকলৰ চিকিৎসা।
এই আক্ৰমণৰ ঘটনাত ভাৰতীয় নৌসেনাৰ এজন বিষয়া লেফটেনেণ্ট বিনয় নৰৱালৰো মৃত্যু হয়। লেফটেনেণ্ট নৰৱাল কোচিত কৰ্মৰত হৈ আছিল। কিন্তু বিবাহৰ বাবে ছুটী লৈ পত্নীৰ লগত পহলগামলৈ গৈছিল।
আজি দুপৰিয়া লেফটেনেণ্ট নৰৱালৰ নশ্বৰ দেহ দিল্লীত উপস্থিত হোৱাৰ পিছত তেওঁৰ মৃতদেহটো সাৱতি কান্দোনত ভাগি পৰিল পত্নী হিমাংশী নৰৱাল।
কান্দি কান্দি লেফটেনেণ্ট নৰৱালৰ পত্নীয়ে ক’লে, ‘সেই সন্ত্ৰাসবাদীৰ বাবেই আজি বহুত মানুহ জীয়াই থাকিব নোৱাৰিলে। আপোনালোকক লৈ আমি সদায় গৌৰৱ কৰি থাকিম’।
১৬ এপ্ৰিলত লেফটেনেণ্ট নৰৱালৰ বিয়া হৈছিল আৰু ১৯ এপ্ৰিলত তেওঁলোকৰ অভ্যৰ্থনা আছিল ।দুদিন আগতে হানিমুনৰ বাবে পহলগামত উপস্থিত হৈছিল দুয়ো।
জানিব পৰা মতে দুয়োজনে প্ৰথমে হানিমুনৰ বাবে ইউৰোপলৈ যাব বিচাৰিছিল কিন্তু ভিছা নোপোৱাৰ বাবে, পৰিকল্পনা সলনি কৰি জম্মু-কাশ্মীৰলৈ গৈছিল তেওঁলোক।
হিমাংশী নৰৱালৰ এটা ভিডিঅ’ও এতিয়া পোহৰলৈ আহিছে, য’ত তেওঁ কৈছিল যে বিনয় আৰু তেওঁ পহলগামৰ ওচৰৰ মিনি ছুইজাৰলেণ্ড নামেৰে বিখ্যাত পৰ্যটনস্থলী বৈছাৰন উপত্যকা চাবলৈ গৈছিল।
সেই সময়ত তেওঁ আৰু স্বামী বিনয় ভেলপুৰী খাই আছিল। তেনেতে এজন মানুহে আহি বিনয়ৰ ফালে আঙুলিয়াই ক’লে, ‘সি মুছলমান নহয়’ আৰু তাৰ পিছত গুলী চলালে।’
লেফটেনেণ্ট বিনয় নৰৱালৰ নশ্বৰ দেহ বাসগৃহত উপস্থিত হোৱাৰ পিছতে ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষ বিদায় জনোৱা হয়।