আৰম্ভ হ’ল শাৰদীয় দুৰ্গোৎসৱ । ঢাক-ঢোলৰ শব্দৰে আজিৰে পৰা মুখৰিত হ’ব ৰাজ্য । আজি ষষ্ঠী । বেল বৰণেৰে আজি বেদীত স্থাপন কৰা হ’ব মা-দুৰ্গাক । সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশত, ধৰ্মীয় ৰীতি-নীতিৰে দেৱীক পূজাৰ বেদীত স্থাপন কৰাৰ লগে লগেই আৰম্ভ হ’ব শাৰদীয় দুৰ্গোৎসৱ ।
ইতিমধ্যে দেৱী বন্দনাৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ চৌপাশ । আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে সৰ্বত্ৰে । ইফালে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আটক ধুনীয়াকৈ সজাই তোলা হৈছে পূজা মণ্ডপ সমূহ । ভক্তক চমক দিবলৈ সাজু হৈছে প্ৰতিখন পূজা সমিতি । বিভিন্ন আৰ্হি তথা বিষয়বস্তুক লৈ নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপসমূহ । ইফালে দুৰ্গতিনাশিনীক আদৰিবলৈ সাজু হৈছে ভক্তপ্ৰাণ ৰাইজ
উল্লেখ্য যে, আজি নৱৰাত্ৰিৰ ষষ্ঠ দিন । ষষ্ঠটো দিনত অৰ্থাৎ আজি পূজা কৰা হয় দেৱী দুৰ্গাৰ ষষ্ঠটো ৰূপ কাত্যায়নীক । পূজাত মা কাত্যায়নী দেৱীক ৰঙা ফুল আৰু ৰঙা বস্ত্ৰ অৰ্পণ কৰা হয় ।