প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে বিহাৰক উপহাৰ দিব প্ৰায় ১২ হাজাৰ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প । ইয়াৰ ভিতৰত বিভিন্ন আঁচনিৰ উদ্বোধন, আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পণ আদি অন্তৰ্ভুক্ত আছে । আন এক পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ দেশৰ ৰে’ল ষ্টেচনত ১৮ টা জন ঔষধী কেন্দ্ৰও উদ্বোধন কৰিব ।
দৰভাংগাত এইমছৰ আধাৰশিলা স্থাপন কৰিব-
আনুষ্ঠানিক বিবৃতি অনুসৰি প্রধানমন্ত্রী মোদী পুৱা প্রায় ১০.৪৫ বজাত দৰভাংগাত উপস্থিত হ’ব ৷ অঞ্চলটোৰ স্বাস্থ্য আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে তেওঁ ইয়াত ১,২৬০ কোটিতকৈ অধিক ব্যয় সাপেক্ষে অখিল ভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান অথবা এইমছৰ আধাৰশিলা স্থাপন কৰিব । ইয়াত ছুপাৰ স্পেচিয়েলিটি হাস্পতাল আৰু আয়ুষ ব্লক, মেডিকেল কলেজ, নাৰ্চিং কলেজ, নাইট শ্বেল্টাৰ আৰু আৱাসিক সুবিধা থাকিব ।
কেইবাটাও ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব-
বিবৃতিটোত উল্লেখ কৰা অনুসৰি পথ আৰু ৰে’ল দুয়োটা খণ্ডতে নতুন প্ৰকল্পৰ জৰিয়তে অঞ্চলটোৰ সংযোগ বৃদ্ধিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হ’ব । প্ৰধানমন্ত্ৰীয়ে বিহাৰত প্ৰায় ৫,০৭০ কোটি টকাৰ কেইবাটাও ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব । লগতে দলঙৰ ওপৰেৰে দুটা ৰে’লপথ উদ্বোধন কৰিব । ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে বন্ধুগঞ্জত এখন বৃহৎ দলং উদ্বোধন কৰিব যিয়ে জেহানাবাদক বিহাৰশ্বৰীফৰ সৈতে সংযোগ কৰিব ।
প্ৰধানমন্ত্ৰীয়ে ৮টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব । ইয়াৰ উপৰিও ১,৭৪০ কোটিতকৈ অধিক মূল্যৰ ৰে’ল প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । তেওঁ ঔৰংগাবাদ জিলাৰ চিৰালাপোঠুৰ পৰা বাঘা বিষ্ণুপুৰলৈ ২২০ কোটিৰো অধিক টকাৰ সোণনগৰ বাইপাছ ৰেলপথৰ আধাৰশিলা স্থাপন কৰিব । প্ৰধানমন্ত্ৰীয়ে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ খণ্ডত ৪০২০ কোটিৰো অধিক মূল্যৰ কেইবাটাও পদক্ষেপৰ আধাৰশিলা স্থাপন কৰিব ।