অৱশেষ আহিল ভাল খবৰটো। আজি নিশা ১২ বজাত ঘোষণা কৰা হ’ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল। কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষমা কৰিছিল এই খবৰ।
পৰীক্ষাৰ ফলাফলৰ সন্দৰ্ভত ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে এখন সংবাদমেল যোগে এই কথা ঘোষণা কৰে তৃতীয় বৰ্গৰ আয়োগৰ অধ্যক্ষ IAS অজয় তিবাৰী,চতুৰ্থ বৰ্গৰ আয়োগৰ অধ্যক্ষ IAS বি কল্যাণ চক্ৰৱৰ্তী আৰু অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে।
www.site.sebaonlaine.org আৰু www.assam.govt.in এই দুটা ৱেবছাটত লাভ কৰিব ফলাফল।এই ৱেবচাইটতে উপলব্ধ কৰা হ’ব OMR sheet টো।মাজনিশা ১২ বজাত ৰোল নম্বৰ আৰু pasword টাইপ কৰি ফলাফল লাভ কৰিব পাৰিব আপুনি।