জাৰ্মানীৰ চেন্সেলৰ অলাফ শ্বোলজে তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতত উপস্থিত হ’ব । এই ভ্ৰমণকালত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বাণিজ্য, সেউজ শক্তি, দ্বিপাক্ষিক কৌশলগত সম্পৰ্কৰ প্ৰসাৰ আদি বিষয়ত বিস্তৃত আলোচনাত মিলিত হ’ব । ইয়াৰ পূৰ্বে যোৱা বছৰ দুবাৰকৈ ভাৰত ভ্ৰমণ কৰিছিল শ্বোলজে । যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত দ্বিপাক্ষিক ভ্ৰমণৰ বাবে আৰু ছেপ্টেম্বৰ মাহত জি-২০ নেতাৰ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতলৈ আহিছিল ।
২৫ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া সপ্তম আন্তঃৰাষ্ট্ৰীয় চৰকাৰী আলোচনা (আই জি চি)ৰ সহ-অধ্যক্ষ হ’ব পি এম মোদী আৰু জাৰ্মান চেন্সেলৰ শ্বোলজ । আই জি চিৰ আলোচনাৰ সময়ত চেন্সেলৰ শ্বোলজৰ সৈতে তেওঁৰ মন্ত্ৰীসভাৰ জ্যেষ্ঠ মন্ত্ৰীসকলো থাকিব । উল্লেখ্য যে, আই জি চিৰ অধীনত দুয়োপক্ষৰ মন্ত্ৰীসকলে নিজ নিজ দায়িত্বৰ ক্ষেত্ৰত আলোচনা কৰে আৰু আলোচনাৰ ফলাফলৰ বিষয়ে প্ৰধানমন্ত্ৰী আৰু চ্যান্সেলৰক প্ৰতিবেদন দিয়ে ।
শেহতীয়াকৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে তেওঁৰ ভাৰত ভ্ৰমণ সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰিছিল । প্ৰধানমন্ত্ৰী মোদীৰ আমন্ত্ৰণত শ্বোলজে ভাৰতলৈ আনুষ্ঠানিক ভ্ৰমণ কৰিব বুলি কোৱা হৈছিল । এই সময়ত দুয়োপক্ষৰ নেতাই নিৰাপত্তা আৰু প্ৰতিৰক্ষা সহযোগিতা, প্ৰতিভাৰ সুযোগ, অৰ্থনৈতিক সহযোগিতা, সেউজ আৰু বহনক্ষম উন্নয়নৰ অংশীদাৰিত্ব আৰু উদীয়মান আৰু কৌশলগত প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ ওপৰত দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব । আঞ্চলিক আৰু বিশ্ব উন্নয়নৰ গুৰুত্বপূৰ্ণ বিষয়সমূহো আলোচনা কৰা হ’ব । ২৫ অক্টোবৰত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ১৮ সংখ্যক এছিয়া পেচিফিক কনফাৰেন্স অৱ জাৰ্মান বিজনেছতো ভাষণ দিব দুয়োগৰাকী নেতাই ।