১৩ নৱেম্বৰৰ পৰা ঝাৰখণ্ডত আৰম্ভ হৈছে গণতন্ত্ৰৰ মহান উৎসৱ । ৰাজ্যখনত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন । ১৩ নৱেম্বৰত প্ৰথম পৰ্যায়ৰ ৪৩খন আসনৰ বাবে আৰু ২০ নৱেম্বৰত দ্বিতীয় পৰ্যায়ৰ ৩৮খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । মহাৰাষ্ট্ৰৰ লগতে অহা ২৩ নৱেম্বৰত আহিব নিৰ্বাচনৰ ফলাফল । ঝাৰখণ্ডত চলিত বিধানসভাৰ কাৰ্যকাল ২০২৫ চনৰ ৫ জানুৱাৰীত শেষ হ’ব । ইতিমধ্যে পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটদান সন্ধিয়া ৫ বজাত সমাপ্ত হ’ব । অৱশ্যে ৰাজ্যখনত ৯৫০টা বুথ আছে য’ত ভোটদানৰ সময় সন্ধিয়া ৪ বজালৈকেহে আছে ।
প্ৰথম পৰ্যায়ত ৪৩খন আসনৰ বাবে ১৫,৩৪৪টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে । ন্যায্য, স্বচ্ছ আৰু শান্তিপূৰ্ণ ভোটদান নিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ ২০০টা কোম্পানী মোতায়েন কৰা হৈছে । নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ঝাৰখণ্ড বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ৬৮৩ গৰাকী প্ৰাৰ্থী খেলপথাৰত নামিছে । ইয়াৰ ভিতৰত ৭৩ গৰাকী মহিলা প্ৰাৰ্থী আছে । প্ৰথম পৰ্যায়ৰ ৪৩খন বিধানসভাৰ আসনৰ ভিতৰত ১৭খন সাধাৰণ, ২০খন আসন অনুসূচিত জনজাতিৰ বাবে আৰু ৬খন আসন অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ।
প্ৰথম পৰ্যায়ত এই ৪৩খন আসনত ভোটদান-
কোডেৰমা, বৰকথা, বৰহী, বৰকাগাঁও, হাজৰিবাগ, ছিমৰিয়া, চতৰা, বাহাৰাগোৰা, ঘাটশিলা, পোটকা, জুগছলাই, জামছেদপুৰ পূৱ, জামছেদপুৰ পশ্চিম, ইচাগড়, চেৰাইকেলা, চৈবাছা, মাজগাঁও, জগন্নাথপুৰ, মনোহৰপুৰ, চক্ৰধৰপুৰ, খৰছানৱা, তামাৰ, টৰ্পা, খুঁটি, ৰাঁচী, হাতিয়া, কাংকে, মন্দাৰ, ছিছাই, গুমলা, বিষুনপুৰ, ছিমডেগা, কোলেবিৰা, লোহৰদগা, মণিকা, লাতেহৰ, পাংকি, দলটনগঞ্জ, বিষ্ৰমপুৰ, ছাটাৰপুৰ, হুছেইনবাদ, গড়হোৱা, ভৱনাথপুৰ ।
ৰাঁচী আসনত দুই দ্বিগজ নেতাৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছে । ছবাৰৰ বিধায়ক তথা প্ৰবীণ বিজেপি নেতা চন্দ্ৰেশ্বৰ প্ৰসাদ সিঙৰ বিৰুদ্ধে ৰাঁচীৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ঝাৰখণ্ড মুক্তি মৰ্চাৰ ৰাজ্যসভাৰ সাংসদ মহুৱা মাঝিয়ে । ছেইণ্ট ফ্ৰান্সিছ স্কুলত স্থাপন কৰা ভোটগ্ৰহণ কেন্দ্ৰত মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন আৰু তেওঁৰ পত্নী কল্পনা ছোৰেনে ভোটদান কৰিছে । শ্যামালীৰ জৱাহৰ বিদ্যা মন্দিৰ স্কুলত নিৰ্মিত বুথত ভোটদান কৰিব ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী আৰু তেওঁৰ পত্নী সাক্ষী ধোনীয়ে ।
চেৰাইকেলাত চম্পাই সোৰেন বনাম গণেশ মহালী-
চেৰাইকেলাত বিজেপি নেতা চম্পাই ছোৰেনৰ মুখামুখি হৈছে জে এম এমৰ গণেশ মাহালী । উল্লেখ্য যে, নিৰ্বাচনৰ ঠিক আগতে চম্পাই ছোৰেনে জে এম এম এৰি বিজেপিত যোগদান কৰিছিল । ইফালে চেৰাইকেলাৰ পৰা টিকট হেৰুৱাই বিজেপিৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰা গণেশ মহালীয়ে জে এম এমত যোগদান কৰে ।