জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত আজি ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মাজত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ ২৮ সংখ্যক মেচ । ঘৰুৱা খেলপথাৰত ১৮ সংখ্যক ছিজনৰ এইখন হ’ব ৰাজস্থানৰ প্ৰথমখন মেচ । এই মেচত খেলপথাৰৰ অৱস্থা কেনেকুৱা লগতে জানক ইয়াত আই পি এলৰ অভিলেখ আৰু দুয়োটা দলৰ হেড টু হেড ৰেকৰ্ড ।
এই মেচৰ পূৰ্বে ৰাজস্থান ৰয়েলছে ৫ খন মেচ খেলিছে, ইয়াৰে ২ খনত জয় আৰু ৩ খনত পৰাস্ত হৈছে । একে সময়তে ৰজত পাটিদাৰৰ অধিনায়কত্বত থকা আৰ চি বিৰ দলটোৱে একেৰাহে দুখন খেলত জয়লাভ কৰিছিল যদিও তাৰ পাছত দুখনত পৰাজয়ৰো সন্মুখীন হ’বলগীয়া হৈছে । বৰ্তমান ৫ খন মেচৰ ভিতৰত দলটোৱে ৩ খনত জয় আৰু ২ খনত পৰাস্ত হৈছে । পইণ্ট তালিকাত আৰ চি বি আৰু ৰাজস্থান ক্ৰমে ৫ম আৰু ৭ম স্থানত আছে ।
ছাৱাই মানসিং ষ্টেডিয়ামত আই পি এলৰ ৰেকৰ্ড-
জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত আই পি এলৰ মুঠ ৫৭খন খেল অনুষ্ঠিত হৈছে । প্ৰথম বেটিং কৰা দলটোৱে মাত্ৰ ২০ বাৰহে জয়লাভ কৰাৰ বিপৰীতে প্ৰথমে বলিং কৰা দলটোৱে ৩৭ বাৰ জয়লাভ কৰিছে । টছত জয়ী হোৱা দলটোৱে ইয়াত ৩০ বাৰ আৰু পৰাজিত দলে ২৭ বাৰ মেচত জয়লাভ কৰিছে ।
-ছাৱাই মানসিং ষ্টেডিয়ামত আই পি এলৰ সৰ্বোচ্চ স্ক’ৰঃ ২১৭/৬ (এছ আৰ এইচ বনাম আৰ আৰ)
-আই পি এলত সৰ্বাধিক ব্যক্তিগত স্ক’ৰঃ আৰ চি বিৰ হৈ বিৰাট কোহলী (১১৩ বনাম আৰ আৰ)
-আই পি এলৰ শ্ৰেষ্ঠ স্পেল: আৰ আৰৰ বাবে সোহেইল তনভিৰ (৬/১৪ বনাম চি এছ কে)
-সৰ্বোচ্চ সফল ৰান চেজ: ১৯৯ (আৰ আৰৰ বিৰুদ্ধে জি টি)
ৰাজস্থান ৰয়েলছ বনাম ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু হেড টু হেড-
আই পি এলত ৰাজস্থান আৰু বাংগালুৰুৰ মাজত মুঠ ৩২খন মেচ অনুষ্ঠিত হৈছে । ইয়াৰে বেংগালুৰুৱে ১৫ বাৰ আৰু ৰাজস্থানে ১৪ বাৰ জয় লাভ কৰিছে । ৰাজস্থানৰ বিৰুদ্ধে আই পি এলৰ সৰ্বোচ্চ স্ক’ৰ ২০০ । বেংগালুৰুৰ বিৰুদ্ধে ৰাজস্থানৰ সৰ্বোচ্চ স্ক’ৰ ২১৭ ।
ছাৱাই মানসিং ষ্টেডিয়ামৰ পিটচ ৰিপৰ্ট-
জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামৰ খেলপথাৰখন ক’লা মাটিৰে নিৰ্মিত । ইয়াত ৰান সংগ্ৰহ কৰাটো সহজ নহ’ব, অৱশ্যে ইয়াত দ্ৰুত বলাৰসকলক লক্ষ্য কৰি ডাঙৰ স্ক’ৰ লাভ কৰিব পৰা যাব । ইয়াত স্পীনাৰৰ বিৰুদ্ধে খেলাটো কঠিন হ’ব । ইয়াত ১৯০ পৰ্যন্ত স্ক’ৰ প্ৰথমে বেটিং কৰা দলটোৰ বাবে ভাল বুলি গণ্য কৰা হ’ব । টছত জয়ী হোৱাৰ পিছত ইয়াত প্ৰথমে বেটিং কৰাৰ সিদ্ধান্তটো উপযুক্ত হ’ব ।