১৯ ডিচেম্বৰত উদযাপন কৰা হয় গোৱা মুক্তি দিৱস । এই দিনটোৱে ১৯৬১ চনত পৰ্তুগীজ শাসনৰ পৰা গোৱা মুক্ত হোৱাৰ ঐতিহাসিক দিনটোক চিহ্নিত কৰে । এই দিৱসত গোৱাৰ স্বাধীনতাৰ বাবে যুঁজ দিয়াসকলৰ সাহস আৰু দৃঢ়তাক উদযাপন কৰা হয়, যি ঐক্যৰ প্ৰতীক । ই ভাৰতৰ ওপৰত যিকোনো ইউৰোপীয় ঔপনিৱেশিক শাসনৰ অন্ত পেলাই ১৯৬১ চনত পৰ্তুগীজ শাসিত গোৱা পুনৰ দখল কৰা ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সাহস আৰু শক্তিৰ প্ৰতীক ।
এই দিনটোৰ ইতিহাস-
এই দিনটোৰ তাৎপৰ্য নিহিত হৈ আছে ১৯৬১ চনৰ ঘটনাত, যেতিয়া ভাৰতীয় সেনাই সফলতাৰে গোৱা দখল কৰি ৪৫১ বছৰীয়া পৰ্তুগীজ শাসনৰ অন্ত পেলাইছিল । যদিও ১৯ শতিকাৰ ভাৰতীয় স্বাধীনতা আন্দোলনৰ কিছু প্ৰভাৱ গোৱাত আছিল, কিন্তু বিশেষ স্পষ্ট হোৱা নাছিল । ১৯৪০ চনত একাংশ গোৱাৰ নাগৰিকে সত্যাগ্ৰহত অংশ লৈছিল ।
১৯৪৭ চনত ভাৰতে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ পিছতো গোৱা নিজস্ব সুকীয়া সাংস্কৃতিক আৰু ধৰ্মীয় পৰিচয়েৰে পৰ্তুগীজৰ নিয়ন্ত্ৰণত থাকিল । পৰ্তুগীজ কৰ্তৃপক্ষই নিয়ন্ত্ৰণ ত্যাগ কৰিবলৈ অস্বীকাৰ কৰাত অটল হৈ থাকিল, যাৰ ফলত ভাৰত চৰকাৰ আৰু পৰ্তুগালৰ মাজত দীৰ্ঘদিনীয়া কূটনৈতিক আলোচনা চলিল । প্ৰথম অৱস্থাত শান্তিপূৰ্ণ পদ্ধতিক অগ্ৰাধিকাৰ দি ভাৰত চৰকাৰে কূটনৈতিক সমাধান বিচাৰিছিল কাৰণ ইয়াৰ গুৰুত্ব আছিল স্বাধীন ৰাজকীয় ৰাষ্ট্ৰসমূহক একত্ৰিত কৰা । এই কূটনৈতিক প্ৰচেষ্টাসমূহ যেতিয়া অসফল বুলি প্ৰমাণিত হ’ল, তেতিয়া ভাৰতে কূটনৈতিক সমাধান বিচাৰিবলৈ আৰম্ভ কৰিলে ।
এই দিনটোৰ গুৰুত্ব-
গোৱা মুক্তি দিৱস তাৎপৰ্যপূৰ্ণ কাৰণ ই ১৯৬১ চনত পৰ্তুগীজ ঔপনিৱেশিক শাসনৰ অন্ত পেলাই গোৱাক আনুষ্ঠানিকভাৱে মুক্তি আৰু ভাৰতীয় সংঘত অন্তৰ্ভুক্ত হোৱাৰ প্ৰতীক। এই দিৱসে গোৱাৰ চহকী সাংস্কৃতিক পৰিচয় সংৰক্ষণ কৰাৰ লগতে জাতীয় ঐক্য আৰু সামূহিক প্ৰচেষ্টাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে ।
বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে উদযাপিত এই দিৱসটোৱে নৱপ্ৰজন্মক তেওঁলোকৰ ইতিহাস আৰু গোৱাৰ স্বাধীনতাৰ বাবে কৰা ত্যাগক শলাগ ল’বলৈ অনুপ্ৰাণিত কৰে ।
ইয়াক কেনেকৈ উদযাপন কৰা হয় ?
এই দিৱসটো গোৱাত বিভিন্ন অনুষ্ঠানেৰে উদযাপন কৰা হয় । এই উৎসৱত গোৱাৰ তিনিটা ভিন্ন স্থানৰ পৰা শোভাযাত্ৰা বাহিৰ কৰা হয় । অৱশেষত তিনিওটা পেৰেড আজাদ ময়দানত একত্ৰিত হয় । এই স্থানত পেৰেডৰ সদস্যসকলে স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধাঞ্জলি জনায় । এই উপলক্ষে সুগম সংগীতৰ দৰে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় ।