আজি অসম দিৱস বা চ্যুকাফা দিৱস । আজি ৰাজ্যজুৰি স্মৰণ কৰা হৈছে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক তথা বৰ অসমৰ খনিকৰ চাওলুং চ্যুকাফাক । বৰ অসমৰ ভেটি গঢ়োতা চাওলুং চ্যুকাফাৰ পবিত্ৰ স্মৃতিত প্ৰতি বছৰে ২ ডিচেম্বৰ দিনটো অসম দিৱস বা চ্যুকাফা দিৱস হিচাবে পালন কৰি অহা হৈছে ।
অসম দিৱসৰ উৎপত্তি-
উল্লেখ্য যে, ১২২৮ চনৰ ২ ডিচেম্বৰত (১৬ আঘোণ) চাওলুং চ্যুকাফাই পাটকাই পাৰ হৈ সৌমাৰপীঠত ভৰি থৈছিল । সেয়েহে এই ঐতিহাসিক দিনটোক চিৰস্মৰণীয় কৰি ৰখাৰ উদ্দেশ্যৰে চৈখোৱাৰ ভীমকান্ত বুঢ়াগোঁহাই নামৰ এজন লোকে ১৯৭২ চনতে হাতত লৈছিল এক প্ৰচেষ্টা । এয়াই আছিল চ্যুকাফা দিৱস তথা অসম দিৱসৰ আৰম্ভণি । ১৯৮১ চনত শিৱসাগৰ জিলাৰ চৰাইদেউতো চ্যুকাফা দিৱস অনুষ্ঠিত কৰা হয় । ইয়াৰ পিছৰ পৰাই কেইবাটাও জাতীয় সংগঠনে এই দিনটো ‘চ্যুকাফা দিৱস’ হিচাপে স্বীকৃতি দিবৰ বাবে দাবী জনায় । পৰৱৰ্তী সময়ত ১৯৮৭ চনৰ ২ ডিচেম্বৰত চৰকাৰী পৃষ্ঠপোষকতাত জজ খেল পথাৰত চ্যুকাফা দিৱস আয়োজন কৰা হয় । এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই চ্যুকাফা দিৱসক ‘অসম দিৱস’ হিচাপে চৰকাৰী স্বীকৃতি প্ৰদান কৰে ।
উল্লেখ্য যে, চীনৰ য়ুনান প্ৰদেশৰ মাওলুং ৰাজ্যৰ ৰাজকোঁৱৰ চাওলুং চ্যুকাফাই ১২১৫ চনত আঠজন ডাঙৰীয়া আৰু বিষয়া, ৯০০০ পুৰুষ-মহিলা, দুটা হাতী আৰু ৩০০টা ঘোঁৰা লগত লৈ ব্ৰহ্মপুত্ৰ উপত্যকালৈ যাত্ৰা কৰিছিল । প্ৰায় ১৩ বছৰ পাটকাইৰ আশে-পাশে থকাৰ পিছত ১২২৮ খ্ৰীষ্টাব্দৰ আঘোণ মাহৰ ১৬ তাৰিখে তেওঁ বুঢ়ীদিহিঙেৰে উজাই টিপামত উপস্থিত হৈছিলহি । ইয়াৰে পিছতে চৰাইদেউত আহোম ৰাজ্যৰ স্থায়ী ৰাজধানী পাতি চাওলুং চ্যুকাফাই পাতনি মেলিছিল ছশ বছৰীয়া গৌৰৱোজ্জ্বল আহোম ৰাজত্বৰ ।
ৰাজনৈতিক বিচক্ষণতাৰে চ্যুকাফাই ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে থকা সকলো জাতি-জনগোষ্ঠীক একত্ৰিত কৰি গঢ়িছিল বৃহত্তৰ ‘অসম’ আৰু ‘অসমীয়া জাতি’ । জাতি-জনগোষ্ঠীসমূহৰ মাজত বিভেদৰ বীজ ৰোপণৰ বিপৰীতে এক সমন্বয়ৰ দৃষ্টান্ত গঢ়িছিল । যুদ্ধ-বিগ্ৰহ পৰিহাৰ কৰি সকলোৰে মাজত ঐক্য গঢ়ি তেওঁ থলুৱা ভাষা, কৃষ্টি, সংস্কৃতিৰ সমন্বয় ঘটাই অসমীয়া জাতিৰ বৰভেটি নিৰ্মাণত মনোনিবেশ কৰিছিল । সেয়েহে সাতৰাজ মাৰি একৰাজ কৰা চাওলুং চ্যুকাফাকে কোৱা হয় বৃহত্তৰ অসমীয়া জাতিৰ পিতৃ-পুৰুষ ।