‘অসম দিৱস’ত বৰ অসম নিৰ্মাণৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ; প্ৰধানমন্ত্ৰীয়েও জনালে শুভেচ্ছা
‘অসম দিৱস’ৰ দিনাই বৃহত্তৰ অসম নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়েও জনালে শুভেচ্ছা ।
মঙলবাৰে ৰাজ্যজুৰি উদযাপন কৰা গৈছে অসম দিৱস তথা চ্যুকাফা দিৱস । আজিৰ দিনটোত বৰ অসমৰ ভেঁটি গঢ়োতা স্বৰ্গদেও চাউলুং চ্যুকাফাক শ্ৰদ্ধাৰে স্মৰণ কৰিছে ৰাজ্যবাসীয়ে । ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে চৰকাৰেও অসম দিৱসৰ পৱিত্ৰ ক্ষণত স্বৰ্গদেও চাউলুং ছ্যুকাফাক সশ্ৰদ্ধ স্মৰণ কৰে ।
এই দিনটোতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰবাদ পুৰুষগৰাকীক স্মৰণ কৰি বৰ অসম নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে । লগতে তেওঁ ৰাজ্যবাসীক এই দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে ।
সামাজিক মাধ্যমৰ এক পোষ্টত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়-“আজিৰ দিনটোতে স্বৰ্গদেও চাওলুং চ্যুকাফাই অসমলৈ আহি আমাৰ ভূমি আৰু ঐতিহ্যৰ ভেটি স্থাপন কৰিছিল । আমি ‘অসম দিৱস’ উদযাপন কৰাৰ সময়ত তেওঁ কল্পনা কৰা অসমখন গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিছো ।” লগতে অসম দিৱসৰ শুভেচ্ছা জনোৱাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহকো ধন্যবাদ জ্ঞাপন কৰে ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “অসম দিৱসত আপোনালোকৰ শুভেচ্ছাৰ বাবে ধন্যবাদ, সন্মানীয় অমিত শ্বাহজী । সন্মানীয় নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বত ডাবল ইঞ্জিন চৰকাৰে সমগ্ৰ বিশ্বতে আহোম আৰু অসমৰ গৌৰৱময় ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰৰ ক্ষেত্ৰত চেষ্টাত কোনো ত্ৰুটি ৰখা নাই ।”
ইফালে সামাজিক মাধ্যমযোগে ৰাজ্যবাসীক এই দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এক্সৰ এটা পোষ্টত তেওঁ লিখিছে-“অসমৰ মোৰ ভাই-ভনীসকললৈ অসম দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো । আজিৰ দিনটো হৈছে স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ দূৰদৰ্শী দৃষ্টিভংগী পূৰণৰ বাবে আমাৰ অংগীকাৰক পুনৰ দোহৰাৰ এক উপলক্ষ । যোৱা কেইবছৰমানৰ পৰা কেন্দ্র আৰু অসমৰ এন ডি এ চৰকাৰসমূহে অসমৰ প্রগতি বৃদ্ধিৰ বাবে অক্লান্তভাৱে কাম কৰি আছে ৷ ভৌতিক আৰু সামাজিক আন্তঃগাঁথনি বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰা হৈছে। টাই-আহোম সংস্কৃতি আৰু টাই ভাষাক জনপ্ৰিয় কৰাৰ দিশত অসংখ্য পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ দ্বাৰা অসমৰ যুৱক-যুৱতীসকল যথেষ্ট উপকৃত হ’ব ।“
লগতে পঢ়ক : সলনি হ’ল প্রধানমন্ত্রীৰ কার্যালয়ৰ নাম; ৰাজভৱনৰো নতুন নামকৰণ