১০ বছৰ পূৰ্বে আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত এটা সোণালী দিন লিপিবদ্ধ হৈছিল । এই দিনটোতে ৰোহিত শৰ্মাই এদিনীয়াত এনে এক ইনিংছ খেলিছিল যিটো ক্ৰিকেটপ্ৰেমীয়ে হয়তো কেতিয়াও পাহৰিব নোৱাৰে । ২০১৪ চনৰ ১৩ নৱেম্বৰত কলকাতাৰ ইডেন গাৰ্ডেনত ভাৰত আৰু শ্ৰীলংকাৰ মাজত চতুৰ্থখন এদিনীয়া মেচ অনুষ্ঠিত হৈছিল, য’ত ৰোহিত শৰ্মাই শ্ৰীলংকাৰ বিৰুদ্ধে অভিলেখ সৃষ্টিকাৰী ইনিংছ খেলিছিল । এটা ইনিংছ যিটো এতিয়াও এদিনীয়া ক্ৰিকেটৰ যিকোনো বেটছমেনৰ ভিতৰত সৰ্বাধিক ব্যক্তিগত স্ক’ৰ ।
অকলেই এটা দলৰ স্ক’ৰৰ সমান ৰাণ কৰিছিল ৰোহিতে-
শ্ৰীলংকাৰ বিৰুদ্ধে ৰোহিত শৰ্মাই ১৭৩টা বলৰ ইনিংছ খেলি ১৫২.৬০ ষ্ট্ৰাইক ৰেটত ২৬৪ ৰান সংগ্ৰহ কৰে । এই ইনিংছত তেওঁ ৩৩টা চাৰি আৰু ৯টা ছয় কোবাই । বিস্ফোৰক বেটিঙৰ জৰিয়তে তেওঁ বীৰেন্দ্ৰ ছেহৱাগৰ পুৰণি ২১৯ ৰানৰ অভিলেখ ভংগ কৰাই নহয়, ৫০ অভাৰত সাধাৰণতে দলসমূহে যিমান ৰান কৰে, সিমান ৰান এককভাৱে কৰে । এই ইনিংছ তেওঁৰ বেটিং প্ৰতিভা আৰু যুঁজাৰু মনোভাৱৰ আচৰিত প্ৰদৰ্শন আছিল, যাৰ ফলত তেওঁ ক্ৰিকেট প্ৰেমীৰ হৃদয়ত এক বিশেষ স্থান লাভ কৰিছিল ।
খেলখনৰ আৰম্ভণিতে ভাৰতে আগতীয়াকৈ বিপৰ্যয়ৰ সন্মুখীন হৈছিল যদিও বিৰাট কোহলীৰ সৈতে ৰোহিত শৰ্মাই ইনিংছ চম্ভালিছিল । দুয়ো মিলি এক শক্তিশালী অংশীদাৰিত্ব গঢ়ি তুলিছিল, যিয়ে ভাৰতীয় দলৰ স্থিতি শক্তিশালী কৰিছিল । প্ৰথম ৯৯টা বলত ৰোহিতে শতক সম্পূৰ্ণ কৰিছিল আৰু ইয়াৰ পিছত তেওঁৰ বেটিঙৰ আক্ৰমণাত্মক ৰূপ দেখা গৈছিল । ৬৬ ৰান সংগ্ৰহ কৰি অধিনায়ক কোহলি আউট হোৱাৰ পাছত ৰোহিতে ৰানৰ গতি বৃদ্ধি কৰি ১৫১ বলত নিজৰ দ্বি শতক সম্পূৰ্ণ কৰে ।
ৰোহিত মেন অৱ দ্য মেচ-
ৰোহিত শৰ্মাৰ এই ইনিংছৰ আধাৰত ভাৰতে ৫০ অভাৰত ৫ উইকেটৰ বিনিময়ত ৪০৪ ৰানৰ বিশাল স্ক’ৰ কৰিছিল, যিটো সেই সময়ত যিকোনো এদিনীয়া খেলৰ বাবে এক বৃহৎ স্ক’ৰ আছিল । ভাৰতীয় বলাৰসকলেও উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই শ্ৰীলংকাৰ দলটোক ২৫১ ৰানত সীমাবদ্ধ কৰি ৰাখিছিল, যাৰ বাবে ভাৰতে ১৫৩ ৰাণত খেলখনত জয়লাভ কৰিছিল । এই উজ্জ্বল প্ৰদৰ্শনৰ বাবে ৰোহিত শৰ্মাক মেন অৱ দ্য মেচৰ বঁটা প্ৰদান কৰা হয় ।