পবিত্ৰ ৰমজান মাহ আজি অৰ্থাৎ ০২ মাৰ্চৰ পৰা আৰম্ভ হৈছে । ইছলামত ৰমজান মাহক অতি পবিত্ৰ আৰু বিশেষ বুলি গণ্য কৰা হয় । সমগ্ৰ ৰমজান মাহত মুছলমান ধৰ্মৰ লোকে ঈশ্বৰৰ উপাসনা কৰে আৰু ৰোজা ৰাখে । ইছলামিক কেলেণ্ডাৰ অনুসৰি ৰমজান বছৰৰ নৱম মাহ । ৰমজানৰ দিনত মুছলমান লোকসকলে প্ৰতিদিনে ৰোজা পালন কৰে আৰু শেষৰ দিনটোত আল্লাক ধন্যবাদ দি ঈদ-উল-ফিতৰ উৎসৱ অতি আড়ম্বৰেৰে পালন কৰে ।
এইবাৰ ২৮ ফেব্ৰুৱাৰীত চন্দ্ৰ দৃশ্যমান হোৱা নাছিল, গতিকে ইছলামিক পণ্ডিত আৰু ধৰ্মগুৰুসকলৰ মতে, ১৪৪৬ হিজৰিত ২৮ ফেব্ৰুৱাৰীত ৰমজানৰ চন্দ্ৰ দেখা নোপোৱাৰ বাবে ৰমজান মাহৰ প্ৰথম দিনটো হ’ব ২০২৫ চনৰ ০২ মাৰ্চত আৰু এই দিনটোত প্ৰথম ৰোজা ৰখা হ’ব । উল্লেখ্য যে পবিত্ৰ ৰমজান মাহটো শ্বাব-ই-বাৰাতৰ ১৪ তাৰিখৰ পৰা আৰম্ভ হয় । ভাৰতত ৰমজান মাহৰ যিদিনা আৰম্ভ হয় সেয়া নিৰ্ভৰ কৰে মক্কাত চন্দ্ৰ দৰ্শনৰ ওপৰত । চৌদি আৰৱত চন্দ্ৰ দৰ্শনৰ পিছদিনা ভাৰতত প্ৰথম ৰোজা পালন কৰা হয় আৰু পবিত্ৰ ৰমজান মাহ আৰম্ভ হয় ।
ৰমজানত কিয় ৰোজা ৰখা হয় ?
ৰমজান মাহত ইবাদতৰ বিশেষ তাৎপৰ্য আছে । ৰমজানৰ দিনত ৰোজাৰ লগতে পাঁচবাৰ নামাজ আৰু তাৰাৱিহৰ বিশেষ নামাজৰ গুৰুত্ব আছে । ৰোজাৰ লগতে পবিত্ৰ ৰমজান মাহে আত্মনিয়ন্ত্ৰণ, উপাসনা আৰু আৰ্তজনক সহায় আৰু সেৱা কৰাৰ এক সুন্দৰ সুযোগ প্ৰদান কৰে । ইছলাম ধৰ্মাৱলম্বীসকলৰ বিশ্বাস অনুসৰি ৬১০ চনত অৰ্থাৎ ইছলামিক কেলেণ্ডাৰৰ নৱম মাহত মহম্মদ চাহাবে পবিত্ৰ কোৰআনৰ জ্ঞান লাভ কৰিছিল । তেতিয়াৰ পৰা আজিলৈকে মুছলমান ধৰ্ম অনুগামীসকলে প্ৰতি বছৰে পবিত্ৰ ৰমজান মাহত ৰোজা ৰাখি শেষত ঈদ-উল-ফিতৰ উৎসৱ পালন কৰে ।
ৰোজাৰ নিয়ম কি-
পবিত্ৰ ৰমজান মাহত মুছলমান সম্প্ৰদায়ৰ মানুহে ৰোজা ৰাখে । ৰোজা ৰাখিবলৈ মুছলমান ধৰ্মৰ অনুগামীসকলে প্ৰতিদিনে ৰাতিপুৱা সূৰ্য্য উদয়ৰ আগতে চেহৰী কৰে । অৰ্থাৎ সূৰ্য্য উদয়ৰ আগতে কিবা এটা খায়, তাৰ পিছত গোটেই দিনটো একো নাখায় আৰু সন্ধিয়া সূৰ্যাস্তৰ সময়ত ইফতাৰ কৰি ৰোজা ভাঙে । এইদৰে ৰোজা ৰখাজনে গোটেই দিনটো কোনো খাদ্য-পানী নোখোৱাকৈ থাকে ।