চেম্পিয়নছ ট্ৰফী প্ৰতিযোগিতাৰ গুৰুত্ব বিশ্বকাপতকৈ কম নহয়, য’ত বিশ্বৰ শ্ৰেষ্ঠ দলসমূহে অংশগ্ৰহণ কৰে । চেম্পিয়নছ ট্ৰফী ২০২৫ত ৮টা দলে অংশগ্ৰহণ কৰিব আৰু এই প্ৰতিযোগিতাখন ১৯ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চলৈ অনুষ্ঠিত হ’ব । এইবাৰ নৱমবাৰৰ বাবে এই প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব । এতিয়ালৈকে ৮টা সংস্কৰণত অষ্ট্ৰেলিয়া আৰু ভাৰত একমাত্ৰ দুটা দল যিয়ে ২ বাৰকৈ ট্ৰফী জয় কৰিছে । কিন্তু অতি কম সংখ্যক লোকেহে জানে যে চেম্পিয়নছ ট্ৰফী কেনেকৈ আৰম্ভ হৈছিল, দলসমূহে ইয়াৰ বাবে কেনেকৈ যোগ্যতা অৰ্জন কৰে আৰু কিয় সদায় মাত্ৰ ৮টা দলেহে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে ?
কেতিয়াৰ পৰা আৰম্ভ হৈছিল চেম্পিয়নছ ট্ৰফী-
১৯৯৮ চনত আই চি চিয়ে চেম্পিয়নছ ট্ৰফী আৰম্ভ কৰিছিল যদিও পূৰ্বতে ইয়াক নকআউট ট্ৰফী বুলি জনা গৈছিল । ১৯৯৮ চনত দক্ষিণ আফ্ৰিকাই নকআউট ট্ৰফী লাভ কৰিছিল যদিও ২০০০ চনত যেতিয়া পুনৰ প্ৰতিযোগিতাখন অনুষ্ঠিত হয় তেতিয়া ইয়াৰ নাম সলনি কৰি চেম্পিয়নছ ট্ৰফী কৰা হয় । এতিয়ালৈকে মুঠ আঠবাৰকৈ চেম্পিয়নছ ট্ৰফীৰ আয়োজন কৰা হৈছে, য’ত ভাৰত আৰু অষ্ট্ৰেলিয়াই দুবাৰকৈ খিতাপ দখল কৰিছে । আনহাতে দক্ষিণ আফ্ৰিকা, নিউজীলেণ্ড, শ্ৰীলংকা, ৱেষ্ট ইণ্ডিজ আৰু পাকিস্তানে এবাৰকৈ খিতাপ দখল কৰিছে ।
মাত্ৰ ৮ টা দলহে কিয় বাছনি কৰা হয় ?
১৯৯৮ চনত আই চি চিয়ে এই প্ৰতিযোগিতাখন নকআউট ট্ৰফী নামেৰে আৰম্ভ কৰিছিল । এই কাৰণেই ১৯৯৮ চনত ফৰ্মেটটো এনেদৰে তৈয়াৰ কৰা হৈছিল যে দলসমূহৰ প্ৰথমখন মেচ কোৱাৰ্টাৰ ফাইনেল হয় । অৱশ্যে প্ৰতিযোগিতাখনত ৯টা দলে অংশগ্ৰহণ কৰে । কিন্তু প্ৰাৰম্ভিক মেচত নিউজীলেণ্ডে জিম্বাবুৱেক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেল পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰে । ইয়াৰ পিছত নকআউট ট্ৰফীৰ নাম সলনি কৰি চেম্পিয়নছ ট্ৰফী কৰা হয় যদিও ৮ টা দলৰ ফৰ্মেট চলি থাকিল । বৰ্তমানৰ ফৰ্মেট অনুসৰি এদিনীয়া বিশ্বকাপৰ পইণ্ট তালিকাৰ শীৰ্ষ ৮ টা স্থানত থকা ৮ টা দলে চেম্পিয়নছ ট্ৰফীৰ বাবে যোগ্যতা অৰ্জন কৰে ।