আজি ৰ’জ ডে। ৰ’জ ডেৰ পৰাই আৰম্ভ হয় প্ৰেমৰ সপ্তাহ। নিজৰ প্ৰিয়জনক এপাহ গোলাপ দি প্ৰেম প্ৰকাশ কৰিব পাৰে। আজিৰ দিনটোত প্ৰেমিক যুগল সকলে ইজনে সিজনক গোলাপ দি সম্পৰ্ক সুন্দৰ কৰে।
ফেব্ৰুৱাৰী অহাৰ লগে লগে পৃথিৱীখন ৰোমান্টিক অনুভৱেৰে ভৰি পৰে। সেইবাবেই এই মাহটোক প্ৰেমৰ মাহ বুলি কোৱা হয়। প্ৰেমিক-প্ৰেমিকাই আগ্ৰহেৰে অপেক্ষা কৰে এই সময়লৈ।
আজিৰ পৰা আৰম্ভ হ’ল ভেলেণ্টাইন উইক। এই সাতদিনীয়া ভেলেণ্টাইন সপ্তাহৰ আৰম্ভণি হয় ৰ’জ ডে’ৰ পৰা। ১৪ ফেব্ৰুৱাৰী, ভেলেণ্টাইন ডে’ত শেষ হ’ব।
ৰ’জ ডে’ প্ৰতি বছৰে ৭ ফেব্ৰুৱাৰীত উদযাপন কৰা হয়। যিয়ে ভেলেণ্টাইন সপ্তাহৰ আৰম্ভণি চিহ্নিত কৰে। ইয়াৰ ইতিহাস প্ৰাচীন ৰোমান সভ্যতাৰ সৈতে সম্পৰ্কিত বুলি বিশ্বাস কৰা হয়।
য’ত প্ৰেম প্ৰকাশ কৰিবলৈ ফুল, বিশেষকৈ গোলাপৰ আদান-প্ৰদান কৰা হৈছিল। তেতিয়াৰ পৰা, গোলাপক প্ৰেমৰ প্ৰতীক বুলি গণ্য কৰা হয়।
ইয়াক ভেলেণ্টাইন সপ্তাহৰ অংশ হিচাপে উদযাপন কৰাৰ পৰম্পৰা বিংশ শতিকাৰ শেষৰ ফালে আৰম্ভ হৈছিল। যদি আপুনিও কাৰোবাক গোলাপ দিব বিচাৰে তেনেহলে আজিয়েই দিয়ক।