মেষ ৰাশি- ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত সাৱধান হ’ব । পিতৃৰ পৰা ডাঙৰ উপহাৰ লাভ কৰিব । বিবাহিত জীৱন মসৃণ থাকিব । সম্পত্তি ক্ৰয়ৰ যোগ আছে।
বৃষ ৰাশি- অৰ্থহানিৰ পূৰ্ণসম্ভাৱনা আছে। জ্যেষ্ঠজনক সমিহ কৰি চলিব । আজি শনি মন্দিৰত ক’লা কাপোৰ দান কৰক, লগ দিব ভাগ্যই ।
মিথুন ৰাশি- আকস্মিকভাৱে ধন লাভ কৰাৰ সম্ভাৱনা ।ঘৰত কোনো কথাক লৈ কন্দল হ’ব পাৰে। কৰ্মক্ষেত্ৰত সাৱধান হ’ব অন্যথা আপোনাৰ সৰলতাৰ সুযোগ ল’ব।
কৰ্কট ৰাশি- কোৰ্টত চলি থকা কোনো কেচত জয় লাভ কৰিব । জীৱনলৈ হঠাত কাৰোবাৰ আগমন হ’ব । সহকৰ্মীৰ লগত সংঘাত হ’ব পাৰে । ভিক্ষাৰীক খাদ্য দান কৰক।
সিংহ ৰাশি- স্বাস্থ্যক লৈ বেছি চিন্তা নকৰিব । পৰিয়ালৰ লগত সময় কটাওক , দিনটো ভালদৰে যাব । ধন জমা কৰিবলৈ শিকক ।
কন্যা ৰাশি- শৈশৱৰ কোনো বন্ধুক হঠাত লগ পাব পাৰে । কোনো কাৰনত ধন হেৰাব পাৰে। বৈবাহিক জীৱনত সুখৰ দিন আহিব । সম্পত্তি ক্ৰয়ৰ সম্ভাৱণা।
তুলা ৰাশি- মনটো সংযত কৰক । বন্ধুৰ কথাত ভুল নাযাব । অন্যথা জীৱনলৈ আহিব বিপদ । আজি কোনো ভিক্ষাৰীক কাপোৰ দান কৰিব পাৰে ।
বৃশ্চিক ৰাশি- ভাবি থকা কামবোৰ সম্পূৰ্ণ হ’ব । কোনো ডাঙৰ ব্যক্তিৰ সানিধ্যত খোল খাব সৌভাগ্যৰ দুৱাৰ । প্ৰেমিকাৰ লগত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে।
ধনু ৰাশি- আনৰ বেয়া চিন্তা নকৰিব। অন্যথা আপোনাৰ দিনটো বেয়া হ’ব পাৰে। কোনো কামত বন্ধুৰ সমৰ্থন পাব । জীৱন সংগীৰ স্বাস্থ্যক লৈ চিন্তিত হ’ব পাৰে। সন্ধিয়া শনি মন্দিৰত ধূপ জ্বলাব ।
মকৰ ৰাশি- দিনটো ব্যস্ততাৰে পাৰ হ’ব । প্ৰিয়জনৰ পৰা দামী উপহাৰ লাভ কৰিব । সৰু সৰু কথাত খং নকৰিব । আজৰি সময়ত কিতাপ পঢ়িব ।
কুম্ভ ৰাশি- বিপদৰ সময়ত আত্ম বিশ্বাস নেহেৰুৱাব । কোনো ব্যৱসায়ত অৰ্থ বিনিয়োগ কৰিব পাৰে। বিদ্যাৰ্থীৰ বাবে দিনটো ভালে যাব ।
মীন ৰাশি- মানসিকভাৱে নিজকে শক্তিশালী কৰক । লোনৰ আধৰুৱা কাম সম্পূৰ্ণ হ’ব । প্ৰেমৰ বাবে জীৱন সলনি হোৱাৰ পূৰ্ণ সম্ভাৱনা। কোনো জন্তুক খাদ্য খোৱাওক ।