বাংলাদেশত ইস্কনৰ ধৰ্মগুৰু চিন্ময় প্ৰভুক গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত ভাৰত চৰকাৰে এক বিবৃতি প্ৰদান কৰিছে । তেওঁক গ্ৰেপ্তাৰ কৰা আৰু জামিন নিদিয়াক লৈ উদ্বেগ প্ৰকাশ কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ।
এই সন্দৰ্ভত বৈদেশিক মন্ত্ৰালয়ে কয়, ‘বাংলাদেশত চৰমপন্থী উপাদানে হিন্দু আৰু অন্যান্য সংখ্যালঘু লোকৰ ওপৰত কৰা আক্ৰমণৰ পিছত এই ঘটনা সংঘটিত হৈছে । তাত সংখ্যালঘুৰ ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্নিসংযোগ আৰু লুণ্ঠনৰ লগতে চুৰি, ভঙা-ছিঙা, দেৱতা আৰু মন্দিৰৰ অপবিত্ৰকৰণৰ বহু গোচৰ পঞ্জীয়ন হৈছে ।‘
বৈদেশিক মন্ত্ৰালয়ে কয়, ‘এইবোৰ ঘটনাৰ দোষীয়ে এতিয়াও মুক্তভাৱে ঘূৰি ফুৰাটো দুৰ্ভাগ্যজনক, কিন্তু শান্তিপূৰ্ণ বৈঠকৰ জৰিয়তে নিজৰ অধিকাৰ দাবী কৰা এজন ধৰ্মীয় নেতাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে । চিন্ময় দাসক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে আমি শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিছে । ইয়াৰ সমান্তৰালকৈ আমি সংখ্যালঘুৰ ওপৰত হোৱা আক্রমণক লৈও উদ্বেগ প্রকাশ কৰিছো ৷’
Our statement on the arrest of Chinmoy Krishna Das:https://t.co/HbaFUPWds0 pic.twitter.com/cdgSx6iUQb
— Randhir Jaiswal (@MEAIndia) November 26, 2024
‘সংখ্যালঘু লোকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আবেদন’-
বৈদেশিক মন্ত্ৰালয়ে কয়, ‘আমি বাংলাদেশ কৰ্তৃপক্ষক হিন্দু আৰু সকলো সংখ্যালঘুৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আহ্বান জনাইছো । ইয়াৰ ভিতৰত তেওঁলোকৰ শান্তিপূৰ্ণভাৱে সমাৱেশৰ অধিকাৰ আৰু মত প্ৰকাশৰ স্বাধীনতাও অন্তৰ্ভুক্ত ।‘
কট্টৰপন্থীৰ হিংসাৰ বলি হোৱা হিন্দুসকলে আজি মহানগৰ আদালতত সমবেত হৈ চিন্ময় প্ৰভুক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদ সাব্যস্ত কৰে । কিন্তু ইয়াত হিন্দু সম্প্ৰদায়ৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত কন্দুৱা গেছ আৰু ৰবৰৰ গুলী নিক্ষেপ কৰা হৈছিল ।
চিন্ময় প্ৰভুৱে জেললৈ যাওঁতে ক’লে – আন্দোলন অব্যাহত ৰাখক
উল্লেখ্য যে ২৫ নৱেম্বৰৰ বিয়লি ঢাকাৰ হজৰত শ্বাহজালাল বিমানবন্দৰৰ পৰা চিন্ময় প্ৰভুক গ্ৰেপ্তাৰ কৰা হৈছিল । আদালতত হাজিৰ হোৱাৰ সময়তে চিন্ময় দাসে সংবাদ মাধ্যমৰ আগত কয় যে বাংলাদেশৰ হিন্দুসকলৰ ওচৰত তেওঁৰ পৰিকল্পনা অনুসৰি তেওঁলোকৰ আন্দোলনৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিবলৈ অনুৰোধ জনাইছে ।