আমেৰিকাৰ কেন্টাকি আৰু জৰ্জিয়াত হোৱা ভয়াৱহ ধুমুহাৰ ফলত কমেও ৯ জন লোকৰ মৃত্যু হয় । ৰাজ্যখনত ধুমুহা আৰু বানৰ ফলত ৮ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে জৰ্জিয়াত এজন লোকে প্ৰাণ হেৰুৱাইছে ।
গৱৰ্ণৰ এণ্ডি বেশ্বিয়াৰে কয় যে জৰুৰীকালীন দলসমূহে অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । ২৪ ঘণ্টাৰো অধিক সময়ত উদ্ধাৰ কৰা হৈছে ১০০০ৰো অধিক লোকক । তেওঁ এই ধুমুহাক যোৱা দশকৰ আটাইতকৈ ডাঙৰ প্ৰাকৃতিক দুৰ্যোগ বুলি অভিহিত কৰিছে ।
বিদ্যুৎ আৰু পানী যোগান কৰ্তন-
এক প্ৰতিবেদন অনুসৰি ধুমুহাৰ ফলত ৩৯ হাজাৰ ঘৰৰ বিদ্যুৎ আৰু পানী যোগান বিচ্ছিন্ন হৈছে । এই প্ৰাকৃতিক দুৰ্যোগৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ধাৰাবাহিকভাৱে ভাইৰেল হৈ আছে । এই ভিডিঅ’ত বানত ডুব যোৱা যান-বাহন, ঘৰ বাগৰি পৰা গছ-গছনি দেখা গৈছে।
মানুহক পথৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিয়া হৈছে-
মানুহক সকীয়াই দি গৱৰ্ণৰ এণ্ডি বেশ্বিয়াৰে কয় যে এই সময়ত সকলোৱে ৰাস্তাৰ পৰা আঁতৰি থাকিব লাগে । প্ৰচণ্ড বতাহৰ বাবে বিদ্যুৎ কৰ্তন হৈছে । তেওঁ কয় যে গাড়ী পানীত আবদ্ধ হৈ পৰাৰ বাবে বহু লোকৰ মৃত্যু হৈছে । বতৰ বিজ্ঞানীসকলৰ মতে, কেন্টাকি আৰু টেনেচিৰ বৰষুণৰ বাবে পৰিস্থিতি অধিক বেয়া হৈ পৰিছে ।
ৰাজ্যখনক দুৰ্যোগগ্ৰস্ত বুলি ঘোষণা-
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এণ্ডি বেশ্বিয়াৰে মানুহক সাৱধান হ’বলৈ আহ্বান জনাই কয় যে, “এই সময়ত ৩০০ৰো অধিক পথ বন্ধ হৈ আছে । পূব দিশত খহনীয়া আৰু পশ্চিম দিশত বৰফ পৰিব পাৰে । এই সময়ত যাত্ৰা নকৰিব আৰু সুৰক্ষিত থাকক ।”
তেওঁ কয় যে মৃত্যু হোৱাসকলৰ মাজত এটি শিশুও আছে । ইফালে ৰাষ্ট্ৰপতি ট্ৰাম্পে ৰাজ্যখনক দুৰ্যোগ ঘোষণা কৰিছে । ইয়াৰ পিছত ফেডাৰেল ইমাৰ্জেন্সি মেনেজমেণ্ট এজেন্সীয়ে সমগ্ৰ ৰাজ্যখনত সাহায্যৰ কাম আৰম্ভ কৰাৰ কৰ্তৃত্ব লাভ কৰিছে ।