২২ মাৰ্চৰ আৰম্ভ হ’ব আই পি এল ২০২৫। প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা ১০টা দলৰ ভিতৰত, ৯ টা দলে তেওঁলোকৰ অধিনায়কৰ নাম ঘোষণা কৰিছে।
কিন্তু কেৱল দিল্লী কেপিটেলছে তেওঁলোকৰ অধিনায়কৰ নাম প্ৰকাশ কৰা নাছিল।এতিয়া দিল্লী কেপিটেলছেও দলটোৰ অধিনায়ক ঘোষণা কৰিছে। হোলীৰ বিশেষ উপলক্ষে দলটোৱে অনুৰাগীসকলক এটা ডাঙৰ উপহাৰ দিছে।
ভাৰতৰ অলৰাউণ্ডাৰ অক্ষৰ পেটেলক তেওঁলোকৰ অধিনায়ক হিচাপে নিযুক্তি দিছে। অক্ষৰ পেটেলে অলপতে টীম ইণ্ডিয়াৰ সৈতে চেম্পিয়নছ ট্ৰফীৰ খিতাপ জয় কৰাত সফল হৈছিল।
এই প্ৰতিযোগিতাখনত, তেওঁ বেট আৰু বল দুয়োটাৰে অৱদান আগবঢ়াইছিল। তাৰেই পুৰস্কাৰ এতিয়া দিল্লীৰ অধিনায়কত্ব লাভ কৰিছে খেলুৱৈ গৰাকীয়ে।
অৱশ্যে ইয়াৰ আগেয়ে কে এল ৰাহুলে নেতৃত্ব দিব বুলি চৰ্চা চলিছিল যদিও শুকুৰবাৰে আনুষ্ঠানিকভাৱে অক্ষৰ পেটেলক অধিনায়কৰ দায়িত্ব অৰ্পণ কৰে ফ্ৰেন্সাইজিটোৱে।
৩১বছৰীয়া অক্সাৰ পেটেলে ২০১৯ চনত দিল্লী কেপিটেলছত যোগদান কৰিছিল আৰু তেতিয়াৰ পৰা ৬ টা ছিজনত শীৰ্ষ প্ৰদৰ্শন কৰা খেলুৱৈ হিচাপে আত্মপ্ৰকাশ কৰিছে।
তেওঁ দিল্লী কেপিটেলছৰ হৈ ৮২ খন খেলত ৯৬৭ ৰাণ সংগ্ৰহ কৰিছে আৰু ৭.০৯ ৰ আকৰ্ষণীয় অৰ্থনীতিত ৬২ টা উইকেট দখল কৰিছে।
অধিনায়ক হিচাপে নিযুক্ত হোৱাৰ পিছত অক্ষৰ পেটেলে কয় যে দিল্লী কেপিটেলছৰ অধিনায়ক হোৱাটো তেওঁৰ বাবে এক ডাঙৰ সন্মান আৰু তেওঁৰ ওপৰত দলটোৰ বিশ্বাসৰ বাবে তেওঁ দলৰ গৰাকী আৰু সহায়ক কৰ্মচাৰীৰ প্ৰতি আন্তৰিকতাৰে কৃতজ্ঞ।অক্ষৰৰ নেতৃত্বত দিল্লীয়ে ন উদ্যোমেৰে আগবঢ়িব বুলি আশা প্ৰকাশ কৰে সহ স্বত্বাধিকাৰী পাৰ্থ জিন্দালে।