জয়েৰে অভিযান আৰম্ভ ভাৰতৰ : মেচৰ নায়ক এই তিনিগৰাকী খেলুৱৈ…
অধিনায়ক সূৰ্যকুমাৰ যাদৱে ৪৯টা বলত ৮৪ ৰানৰ বিস্ফোৰক ইনিংছ খেলি ভাৰতক ১৬১ ৰানৰ সন্মানজনক স্থিতি লৈ যায় । তাৰ পাছত বলাৰসকলে ভাল প্ৰদৰ্শন আগবঢ়ায় ।
টি-২০ বিশ্বকাপৰ দশম সংস্কৰণৰ আৰম্ভণি শনিবাৰে তিনিখন খেলেৰে আৰম্ভ হয় । মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত তৃতীয়খন মেচত ভাৰতৰ বেটছমেনৰ নিৰাশাজনক প্ৰদৰ্শন দেখা যায় । অৱশ্যে অধিনায়ক সূৰ্যকুমাৰ যাদৱে ৪৯টা বলত ৮৪ ৰানৰ বিস্ফোৰক ইনিংছ খেলি ভাৰতক ১৬১ ৰানৰ সন্মানজনক স্থিতি লৈ যায় । তাৰ পাছত বলাৰসকলে ভাল প্ৰদৰ্শন আগবঢ়ায় । আমেৰিকাই মাত্ৰ ১৩২ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই আৰু প্ৰথমখন মেচত ভাৰতে ২৯ ৰাণত জয়লাভ কৰে ।
টছত জয়লাভ কৰি আমেৰিকাই প্ৰথমে বলিং কৰিবলৈ সিদ্ধান্ত লয় । ভাৰতৰ টপ অৰ্ডাৰ বেটছমেনে আমেৰিকাৰ বিৰুদ্ধে শক্তিশালী আৰম্ভণি কৰিব বুলি আশা কৰা হৈছিল যদিও সেই আশাত চেঁচা পানী ঢালে তেওঁলোকৰ প্ৰদৰ্শনে । শূণ্যতে আউট হয় অভিষেক শৰ্মা । ঈশান কিষণে ১৬টা বলত ২০ ৰান কৰে । ২৫ ৰান কৰি তিলক বাৰ্মা পেভিলিয়নমুখী হয় । তাৰ পিছতে প্ৰথমটো বলতে আউট হয় শিৱম ডুবে । ফিনিছাৰ ৰিংকু সিঙে সোনকালে খেলপথাৰত আহিবলৈ বাধ্য হৈছিল যদিও ১৪টা বলত মাত্ৰ ৬ ৰানহে কৰিবলৈ সক্ষম হয় তেওঁ । ৰিংকুৰ আউটৰ পিছত হাৰ্দিক পাণ্ডিয়াই মাত্ৰ ৫ ৰান সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় । ভাৰতে ৬ উইকেটত ৭৭ ৰানত চাপত পৰিছিল যদিও পিছত মেচখনত প্ৰত্যাৱৰ্তন কৰে ।
সূৰ্যকুমাৰ যাদৱ-
আমেৰিকাই ভাৰতৰ সকলো বেটছমেনক ধাৰাবাহিকভাৱে আউট কৰিছিল যদিও অধিনায়ক সূৰ্যকুমাৰ যাদৱে নিজৰ বিস্ফোৰক ইনিংছেৰে বলাৰসকলক চাপত ৰাখিবলৈ সক্ষম হয় । ১৭১ৰ ওপৰৰ ষ্ট্ৰাইক ৰেটত ৪৯টা বলত, চাৰিটা ছয় আৰু ১০টা চাৰিৰ সহায়ত ৮৪ ৰান সংগ্ৰহ কৰে তেওঁ । সূৰ্যকুমাৰৰ এই ইনিংছৰ সহায়ত ভাৰতে ১৬১ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় অন্যথা ১০০ ৰানো দলটোৰ বাবে কঠিন যেন লাগিছিল ।
মহম্মদ ছিৰাজ-
মাত্ৰ এদিন পূৰ্বে হৰ্ষিত ৰানাৰ সলনি দলত যোগদান কৰা মহম্মদ চিৰাজে শক্তিশালী বলিং কৰে । পাৱাৰপ্লে’ত তেওঁ দুয়োজন অ’পেনাৰক আউট কৰে । তেওঁ দ্বিতীয় অভাৰত এণ্ড্ৰিজ গুছ (৬) আৰু চতুৰ্থ অভাৰত সাথেজা মুক্কাল্লা (২)ক আউট কৰে । এই খেলখনত ছিৰাজে মুঠ তিনিটা উইকেট দখল কৰে । তেওঁৰ চাৰিটা অভাৰত ২৯ ৰান খৰছ কৰে ।
অক্ষৰ পেটেল-
এই জয়ত সহ-অধিনায়ক অক্ষৰ পেটেলেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । যেতিয়া ভাৰতে ৭৭ ৰানত ৬টা উইকেট হেৰুৱাইছিল, তেতিয়া সূৰ্যই এটা মূৰত স্থিৰ হৈ দলৰ ইনিংছ চম্ভালি আছিল যদিও আনটো মূৰত উইকেটৰ পতন ঘটি আছিল । অক্ষৰে তেওঁ সপ্তম উইকেটৰ বাবে সূৰ্যৰ সৈতে ৪১ ৰানৰ গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব গঢ়ে । অক্ষৰে বলিঙতো ভাল প্ৰদৰ্শন কৰি একেৰাহে দুটা বলত দুটা উইকেট দখল কৰি ইউ এছ এৰ জয়ৰ যিকোনো আশাৰ অন্ত পেলায় । চাৰিটা অভাৰত পেটেলে মাত্ৰ ২৪ ৰানহে দিয়ে ।
লগতে পঢ়ক : জয়েৰে টি-২০ বিশ্বকাপৰ অভিযান আৰম্ভ ভাৰতৰ, ২৯ ৰানত ধূলিস্যাৎ আমেৰিকা
