আই পি এলৰ ১৮ সংখ্যক ছিজন আৰম্ভ হ’বলৈ মাত্ৰ কিছু ক্ষণ বাকী । শনিবাৰে এই প্ৰতিযোগিতাৰ বৰ্ণিল উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব । ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ মাজত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ উদ্বোধনী মেচ । এই খেলখন কলকাতাৰ ইডেন গাৰ্ডেনছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । অৱশ্যে খেলখনৰ পূৰ্বে এক মুকলি অনুষ্ঠানৰ আয়োজন কৰা হ’ব য’ত বলীউডৰ একাংশ তাৰকাই গীত-নৃত্য প্ৰদৰ্শন কৰিব ।
মেচখনত বৰষুণৰ সম্ভাৱনা-
ক্ৰিকেট এছ’চিয়েশ্যন অৱ বংগৰ সভাপতি স্নেহাশীষ গাংগুলীয়ে কয় যে মেচ আৰম্ভ হোৱাৰ পূৰ্বে ৩৫ মিনিটৰ বাবে মুকলি অনুষ্ঠান অনুষ্ঠিত হ’ব । টছৰ পূৰ্বেই কাৰ্যসূচী আৰম্ভ হ’ব । খেলৰ সময়ত বৰষুণ হোৱাৰ সম্ভাৱনা আছে, গতিকে মুকলি অনুষ্ঠান বা খেলখনত কোনো ধৰণৰ ব্যাঘাত জন্মিব নেকি সেয়া লক্ষণীয় হ’ব । গাংগুলীয়ে কয়, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে আমাক মুকলি অনুষ্ঠানৰ বাবে ৩৫ মিনিট সময় দিছে । এই সময়ছোৱাত আমি সমগ্ৰ কাৰ্যসূচীটো আয়োজন কৰিব লাগিব, যিদৰে প্ৰতি বছৰে হয় ।
খিতাপ অক্ষুণ্ণ ৰখাৰ প্ৰত্যাহ্বানৰ সন্মুখীন ৰাহানে-
এইবাৰ কে কে আৰৰ অধিনায়ক হ’ব অজিংক্য ৰাহানে, আনহাতে আৰ চি বিৰ নেতৃত্বত থাকিব ৰজত পাটিদাৰ । যোৱা ছিজনত কে কে আৰে ফাইনেলত ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি খিতাপ দখল কৰিছিল । ৰাহানেই খিতাপ অক্ষুণ্ণ ৰখাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হোৱাৰ বিপৰীতে পাটিদাৰে যিটো কাম তেওঁৰ পূৰ্বৰ কোনো আৰ চি বিৰ অধিনায়কে কৰিব পৰা নাছিল, সেই কাম কৰাৰ সুযোগ আছে ।
বেংগালুৰু দলটোৱে কেতিয়াও আই পি এলত জয়ী হোৱা নাই আৰু পাটিদাৰে ফ্ৰেঞ্চাইজিক প্ৰথম খিতাপ দিয়াৰ সুযোগ পাব । কে কে আৰ আৰু আৰ চি বিৰ মাজত এই মেচখন সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব আৰু তাৰ আধা ঘণ্টা পূৰ্বে অৰ্থাৎ সন্ধিয়া ৭.০০ বজাত টছ অনুষ্ঠিত হ’ব ।
আই পি এল ২০২৫ৰ মুকলি অনুষ্ঠানৰ সৈতে জড়িত সকলো তথ্য জানক…
কেতিয়াৰ পৰা আৰম্ভ হ’ব আই পি এল ২০২৫ৰ মুকলি অনুষ্ঠান ?
২২ মাৰ্চ শনিবাৰে সন্ধিয়া ৬.০০ বজাৰ পৰা আৰম্ভ হ’ব আই পি এল ২০২৫ৰ মুকলি অনুষ্ঠান ।
ক’ত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ মুকলি অনুষ্ঠান ?
কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ মুকলি অনুষ্ঠান ।
আই পি এল ২০২৫ৰ মুকলি অনুষ্ঠানৰ টিকট ক’ত উপলব্ধ হ’ব ?
আই পি এল ২০২৫ৰ মুকলি অনুষ্ঠানৰ সুকীয়াকৈ টিকট ক্ৰয় কৰিব নালাগে । যিসকলৰ হাতত কে কে আৰ আৰু আৰ চি বিৰ মাজত অনুষ্ঠিত হ’বলগীয়া আই পি এল ২০২৫ৰ প্ৰথমখন খেলৰ টিকট আছে তেওঁলোকে এই অনুষ্ঠান উপভোগ কৰিব পাৰিব ।
আই পি এল ২০২৫ৰ মুকলি অনুষ্ঠানত কোনে কোনে অংশগ্ৰহণ কৰিব ?
বলীউডৰ বিখ্যাত কণ্ঠশিল্পী শ্ৰেয়া ঘোষাল, পাঞ্জাবী কণ্ঠশিল্পী কৰণ আউজলা, আৰু বলীউডৰ অভিনেত্ৰী দিশা পাটানিয়ে অংশগ্ৰহণ কৰিব আই পি এল ২০২৫ৰ মুকলি অনুষ্ঠানত ।
কোনটো টিভি চেনেলত আমি আই পি এল ২০২৫ৰ মুকলি অনুষ্ঠান চাব পাৰিব ?
আই পি এল ২০২৫ৰ মুকলি অনুষ্ঠান ষ্টাৰ স্প’ৰ্টছ চেনেলত চাব পাৰিব ।