আই পি এলৰ মেগা নিলামত ঋষভ পন্টে সৃষ্টি কৰিছে ইতিহাস । আই পি এলৰ ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হৈছে পণ্ট । লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে আৰ টি এমৰ অধীনত ২৭ কোটি টকাত ক্ৰয় কৰি তেওঁলোকৰ দলত অন্তৰ্ভুক্ত কৰিছে পণ্টক । পণ্ট আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হোৱাৰ বিপৰীতে শ্ৰেয়াছ আয়াৰ ২ নম্বৰত আছে । আই পি এলৰ ইতিহাসত দ্বিতীয় সৰ্বাধিক ব্যয়বহুল খেলুৱৈ আয়াৰ । পঞ্জাব কিংছে আৰ টি এম ব্যৱহাৰ কৰি ২৬.৭৫ কোটি টকাত আয়াৰক ক্ৰয় কৰি তেওঁলোকৰ দলত অন্তৰ্ভুক্ত কৰে । একে সময়তে ৩ নম্বৰত আছে মিচেল ষ্টাৰ্ক, যিজনক ২০২৪ চনৰ আই পি এলৰ নিলামত ২৪.৭৫ কোটি টকাত ক্ৰয় কৰি কলকাতাই নিজৰ দলত অন্তৰ্ভুক্ত কৰিছিল ।
আই পি এলৰ ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ (ভাৰতীয় টকাত)-
২৭ কোটি টকা- ঋষভ পন্ট (লক্নৌ ছুপাৰ জায়েন্টছ, ২০২৫)
২৬.৭৫ কোটি – শ্ৰেয়াছ আয়াৰ (পঞ্জাৱ কিংছ, ২০২৫)
২৪.৭৫ কোটি টকা – মিচেল ষ্টাৰ্ক (কলকাতা নাইট ৰাইডাৰ্ছ, ২০২৪)
২০.৫০ কোটি – পেট কামিন্স (ছান ৰাইজাৰ্ছ হায়দৰাবাদ, ২০২৪)
১৮.৫০ কোটি – ছেম কাৰাণ (পঞ্জাৱ কিংছ, ২০২৩)
১৮ কোটি – অৰ্শদীপ সিং (পঞ্জাৱ কিংছ, ২০২৫)
লক্ষ্ণৌৱে ২৭ কোটি টকাত পন্টক ক্ৰয় কৰি আলোড়নৰ সৃষ্টি কৰে-
পন্টৰ বাবে ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু লক্ষ্ণৌৰ মাজত তীব্ৰ প্ৰতিযোগিতা হৈছিল । লক্ষ্ণৌৱে ২৭ কোটিৰ চূড়ান্ত নিবিদা ৰাখিছিল আৰু দিল্লী কেপিটেলছে তেওঁলোকৰ কাৰ্ড মিলাবলৈ অধিকাৰ ব্যৱহাৰ কৰা নাছিল । ইয়াৰ আগতে, আয়াৰক পঞ্জাৱ কিংছে ২৬ কোটি ৭৫ লাখ টকাত ক্ৰয় কৰিছিল । আয়াৰৰ বাবে দিল্লী আৰু পঞ্জাৱৰ মাজত দীঘলীয়া প্ৰতিযোগিতা হৈছিল, কিন্তু শেষত, পঞ্জাৱ জয়ী হয় । আয়াৰে অষ্ট্ৰেলিয়াৰ দ্ৰুত বলাৰ মিচেল ষ্টাৰ্কৰ অভিলেখ ভংগ কৰে, যাক কে কে আৰে আগৰ নিলামত ২৪ কোটি ৭৫ লাখত ক্ৰয় কৰিছিল ।
ষ্টাৰ্কক দিল্লী কেপিটেলছে ১১ কোটি ৭৫ লাখত ক্ৰয় কৰিছে । বাওঁহতীয়া ফাষ্ট বলাৰ অৰ্শদীপ সিঙক পঞ্জাৱে ৰাইট টু মেচ কাৰ্ড ব্যৱহাৰ কৰি ১৮ কোটি টকাত ক্ৰয় কৰিছে । ছানৰাইজাৰ্ছ হায়দৰাবাদে অন্তিমটো নিবিদা ১৮ কোটি ৰাখিছিল, যিটো পঞ্জাৱে আৰ টি এমৰ জৰিয়তে মিলাইছিল । চেন্নাই চুপাৰ কিংছে নিলামত ২ কোটিৰ আধাৰ মূল্যত অৰ্শদীপৰ বাবে প্ৰথম নিবিদা কৰিছিল । দক্ষিণ আফ্ৰিকাৰ দ্ৰুত বলাৰ কাচিগো ৰাবাডাক গুজৰাট টাইটানছে ১০ কোটি ৭৫ লাখত ক্ৰয় কৰিছে । ইংলেণ্ডৰ উইকেটকীপাৰ বেটছমেন জছ বাটলাৰক গুজৰাট টাইটানছে ১৫ কোটি ৭৫ লাখত ক্ৰয় কৰে ।