২৪ আৰু ২৫ নৱেম্বৰত চৌদি আৰৱৰ জেদ্দাত অনুষ্ঠিত হ’বলগীয়া আই পি এল ২০২৫ৰ মেগা নিলামৰ বাবে পঞ্জীয়ন কৰা ১,৫৭৪গৰাকী খেলুৱৈৰ তালিকাত নাম নোহোৱা হ’ল বেন ষ্ট’কছৰ । ঋষভ পন্ত, কে এল ৰাহুল, শ্ৰেয়াছ আয়াৰে ২ কোটি টকাৰ বেছ প্ৰাইছ অথবা আধাৰ মূল্যত তালিকাভুক্ত কৰিছে । ৰবিচন্দ্ৰন অশ্বিন আৰু য়ুজবেন্দ্ৰ চাহালক ৰাজস্থান ৰয়েলছৰ দ্বাৰা মুকলি কৰি দিয়াৰ বিপৰীতে তেওঁলোকেও নিজকে ২ কোটি টকাত তালিকাভুক্ত কৰিছে ।
পন্ট, ৰাহুল আৰু আয়াৰ ক্ৰমে দিল্লী কেপিটেলছ, লক্ষ্ণৌ ছুপাৰ জায়েন্টছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক আছিল যদিও তেওঁলোকক ৰিটেইন কৰা হোৱা নাই । এইবাৰ আই পি এলৰ মিনি নিলামৰ নিয়মৰ পৰিৱৰ্তন হৈছে । ফ্ৰেঞ্চাইজিৰ পৰা ইনপুট লাভ কৰাৰ পিছত পঞ্জীয়নভুক্ত খেলুৱৈৰ দীঘলীয়া তালিকাখন আই পি এলৰ দ্বাৰা চৰ্টলিষ্ট কৰা হ’ব । ইয়াৰ ভিতৰত আছে মাৰ্কি ভাৰতীয় খেলুৱৈ, যিসকলক তেওঁলোকৰ ফ্ৰেঞ্চাইজিয়ে ধৰি ৰখা নাই ।
মিচেল ষ্টাৰ্কে ২ কোটি টকাৰ বিনিময়ত নিজকে তালিকাভুক্ত কৰে-
আই পি এলৰ ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ মিচেল ষ্টাৰ্ক । ২০২৪ চনত কে কে আৰে ২৪.৫০ কোটি টকাত ক্ৰয় কৰিছিল স্পীড ষ্টাৰজনক । ২ কোটি টকাৰ ভিত্তি মূল্যত পুনৰ নিলামত আছে তেওঁ । জোফ্ৰা আৰ্চাৰো একে বেছ প্ৰাইচতে তালিকাত আছে, ২০২৩ চনৰ পৰা আই পি এলত খেলা নাই তেওঁ । শেষবাৰৰ বাবে মুম্বাই ইণ্ডিয়ানছৰ হৈ মাত্ৰ পাঁচখন মেচত খেলা দেখা গৈছিল আৰ্চাৰক ।
মহম্মদ ছামীৰ ভিত্তি মূল্য ২ কোটি টকা-
বিগত বৰ্ষৰ নৱেম্বৰ মাহত ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলৰ পিছত বিভিন্ন আঘাতৰ বাবে কোনো ক্ৰিকেট খেলিব নোৱাৰা মহম্মদ ছামীকো গুজৰাট টাইটানছে ৰিটেইন কৰা নাই । ২ কোটি টকাৰ ভিত্তি মূল্যত নিজকে পঞ্জীয়ন কৰিছে ছামীয়ে ।
সৰ্বোচ্চ ভিত্তি মূল্য ২ কোটি টকা থকা আন ভাৰতীয় খেলুৱৈসকল হ’ল খলিল আহমেদ, দীপক চাহৰ, ভেংকটেশ আয়াৰ, আৱেশ খান, ঈশান কিষণ, মুকেশ কুমাৰ, ভুৱনেশ্বৰ কুমাৰ, প্ৰসিদ্ধ কৃষ্ণ, টি নটৰাজন, দেৱদত্ত পাদিক্কাল, ক্ৰুণাল পাণ্ডিয়া, হৰ্শাল পেটেল । এই তালিকাত আছে অৰ্শদীপ সিং, ৱাশ্বিংটন সুন্দৰ, শাৰদুল ঠাকুৰ, মহম্মদ চিৰাজ আৰু উমেশ যাদৱ ।
এই মূল্য পৃথ্বী শ্ব আৰু ছৰফৰাজ খানৰ-
যোৱা নিলামত বিক্ৰী নোহোৱা পৃথ্বী শ্ব’ আৰু ছৰফৰাজ খানক ৭৫ লাখ টকাৰ ভিত্তি মূল্যত পঞ্জীয়ন কৰা হৈছে ।
এই কাৰণত আই পি এলৰ পৰা আঁতৰিল ষ্টকছ-
ৱৰ্কলোড মেনেজমেণ্ট আৰু ফিটনেছৰ বাবে বেন ষ্ট’কছেও আই পি এল ২০২৪ৰ পৰা বাহিৰ হৈছে । চলিত বৰ্ষৰ আৰম্ভণিতে আগষ্ট মাহত তেওঁৰ হেমষ্ট্ৰিঙত আঘাত পাইছিল, যাৰ বাবে তেওঁ দুমাহ ধৰি খেলপথাৰৰ বাহিৰত আছিল ।
আই পি এলৰ মিনি নিলামৰ নিয়ম সলনি-
এই বছৰ সংশোধিত আই পি এলৰ নিয়ম অনুসৰি মেগা নিলামৰ বাবে পঞ্জীয়ন নকৰা যিকোনো বিদেশী খেলুৱৈক মিনি নিলামৰ বাবে পঞ্জীয়ন কৰিবলৈ দিয়া নহ’ব, খেলুৱৈজনৰ হোম ব’ৰ্ডে নিশ্চিত কৰা আঘাত আৰু/বা চিকিৎসাজনিত অৱস্থাৰ বাহিৰে খেলুৱৈসকলক মিনি-নিলামক লক্ষ্য কৰি লোৱাৰ পৰা নিৰুৎসাহিত কৰিবলৈ পৰিৱৰ্তন কৰা হৈছিল, য’ত মাৰ্কি খেলুৱৈৰ বাবে দৰ সাধাৰণতে মেগা নিলামতকৈ বেছি হয় ।
প্ৰতিটো আই পি এল দলৰ হাতত আছে ১২০ কোটি টকাৰ পাৰ্চ-
প্ৰতিটো দলৰ হাতত নিজৰ দল গঠনৰ বাবে মুঠ ১২০ কোটি টকাৰ পাৰ্চ আছে, কিন্তু ৰিটেনচনৰ পিছত পঞ্জাব কিংছৰ হাতত মেগা নিলামত খৰচ কৰিবলৈ সৰ্বাধিক পাৰ্চ (১১০.৫ কোটি টকা) বাকী আছে, তাৰ পিছতে আছে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু ( ৮৩ কোটি টকা), দিল্লী কেপিটেলছ (৭৩ কোটি টকা), গুজৰাট টাইটানছ (৬৯ কোটি টকা), লক্ষ্ণৌ ছুপাৰ জায়েন্টছ (৬৯ কোটি টকা) চেন্নাই ছুপাৰ কিংছ (৫৫ কোটি টকা), কলকাতা নাইট ৰাইডাৰ্ছ (৫১ কোটি টকা), মুম্বাই ইণ্ডিয়ানছ (৪৫ কোটি টকা), ছানৰাইজাৰ্ছ হায়দৰাবাদ (৪৫ কোটি), ৰাজস্থান ৰয়েলছ (৪১ কোটি টকা)।