চলিত মাহৰ শেষ সপ্তাহত আই পি এল ২০২৫ৰ বাবে মেগা নিলাম অনুষ্ঠিত হ’ব পাৰে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ২৪ আৰু ২৫ নৱেম্বৰত চৌদি আৰৱৰ ৰিয়াধত এই নিলাম অনুষ্ঠিত হ’ব পাৰে । ইয়াৰ পূৰ্বে আই পি এলৰ ১০ টা ফ্ৰেঞ্চাইছিয়েই তেওঁলোকৰ ৰিটেইনড খেলুৱৈৰ তালিকা প্ৰকাশ কৰিছে । বহু শীৰ্ষ খেলুৱৈক বৰ্তমানৰ দলবোৰে ধৰি ৰাখিছে যদিও একাংশ খেলুৱৈয়ে নিজৰ দলৰ সৈতে আগবাঢ়ি যোৱাৰ সিদ্ধান্ত লোৱা নাই আৰু এতিয়া তেওঁলোকক মেগা নিলামত দেখা যাব । ইয়াত আমি পাঁচজন ভাৰতীয় খেলুৱৈৰ কথা কম, যিসকল নিলামত ২০ কোটিতকৈ অধিক টকাত বিক্ৰী হ’ব পাৰে ।
ঋষভ পন্ট-
২০১৬ চনৰ পৰা দিল্লী কেপিটেলছৰ সৈতে জড়িত আছিল ঋষভ পন্ত, কিন্তু তেওঁক এতিয়া দিল্লী ফ্ৰেঞ্চাইছিয়ে ধৰি ৰাখিব পৰা নাই । তেওঁ আই পি এলৰ নিলামত অংশগ্ৰহণ কৰিব । ২৭ বছৰীয়া ভাৰতীয় উইকেটকীপাৰ বেটছমেনগৰাকী আই পি এল ২০২৫ৰ মেগা নিলামত অন্যতম ডাঙৰ নাম । অধিনায়কত্বৰ বাবেও পণ্ট এটা ভাল বিকল্প আৰু তেওঁ বেটিঙৰ লগতে উইকেট ৰক্ষক হিচাবেও পাকৈত ।
অৰ্শদীপ সিং-
বৰ্তমান সময়ৰ অন্যতম শ্ৰেষ্ঠ টি-২০ বলাৰ অৰ্শদীপ সিং । নতুন বলৰ সৈতে আৰু ডেথ অভাৰত তেওঁ ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম । ২০২৪ চনৰ টি-২০ বিশ্বকাপত অৰ্শদীপে যৌথভাৱে সৰ্বাধিক উইকেট দখল কৰিছিল । বহু দলৰ চকু তেওঁৰ ওপৰত আছে ।
কে এল ৰাহুল-
লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ ইতিহাসত সৰ্বাধিক ৰান সংগ্ৰহকাৰী কে এল ৰাহুলক লক্ষ্ণৌ ফ্ৰেঞ্চাইজিয়ে ধৰি ৰাখিব পৰা নাই । তেওঁক আই পি এল ২০২৫ৰ মেগা নিলামত অন্তৰ্ভুক্ত কৰা হ’ব । ৩২ বছৰীয়া টপ অৰ্ডাৰ বেটছমেনগৰাকীয়ে এই পৰ্যন্ত আই পি এলত ১৩২খন মেচত ৪,৬৮৩ ৰান সংগ্ৰহ কৰিছে । ৰাহুলৰ অধিনায়কত্বৰ বাবেও গুৰুত্ব লাভ কৰিব ।
শ্ৰেয়াছ আয়াৰ-
শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত ২০২৪ চনত কলকাতা নাইট ৰাইডাৰ্ছে আই পি এল খিতাপ দখল কৰিছিল যদিও ইয়াৰ পিছতো তেওঁক কলকাতা দলে ধৰি ৰাখিব পৰা নাই । আই পি এলৰ দুটা দলক ফাইনেললৈ লৈ যোৱা একমাত্ৰ অধিনায়ক আয়াৰ । ইয়াৰ পূৰ্বে তেওঁ নিজৰ অধিনায়কত্বত দিল্লী কেপিটেলছক ফাইনেললৈ লৈ গৈছিল । তেওঁৰ অধিনায়কত্বৰ বাবেই তেওঁৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাব । মুম্বাইৰ এই সোঁহাতৰ বেটছমেনগৰাকী মিডল অৰ্ডাৰত উৎকৃষ্ট বেটিঙৰ বাবেও পৰিচিত ।