ছৌদি আৰৱৰ জেদ্দাত অনুষ্ঠিত হৈছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ মেগা নিলাম আৰু মুঠ ৫৭৭ গৰাকী খেলুৱৈৰ বাবে নিলাম চলি আছে । দেওবাৰৰ প্ৰথম দিনটোত ৭২ গৰাকী খেলুৱৈ বিক্ৰী হোৱাৰ লগতে টিম ইণ্ডিয়াৰ উইকেটকীপাৰ-বেটছমেন ঋষভ পণ্টে আধিপত্য বিস্তাৰ কৰে । এই নিলামত আই পি এলৰ ইতিহাসত এতিয়ালৈকে আটাইতকৈ ব্যয়বহুল খেলুৱৈ হিচাপে পৰিগণিত হৈছে পণ্ট ।
২৭ কোটি টকাত ক্ৰয় কৰিলে লক্ষ্ণৌৱে-
ভাৰতীয় ক্ৰিকেটাৰ ঋষভ পণ্টে আই পি এল ২০২৫ৰ মেগা নিলামত ইতিহাস ৰচনা কৰি আই পি এলৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হৈছে । দৰাচলতে নিলামৰ প্ৰথম দিনাই লক্ষ্ণৌ ছুপাৰ জায়েন্টছে ২৭ কোটি টকাৰ বিপুল দাম দি তেওঁক কিনি আটাইতকৈ দামী খেলুৱৈ হিচাপে গঢ়ি তুলিছিল । ইমান ডাঙৰ বিড পোৱাৰ পিছত ঋষভ পন্ট অতি কম সময়ৰ ভিতৰতে ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিং হবলৈ আৰম্ভ কৰে ।
বয়স ২৭ বছৰ আৰু মুঠ সম্পত্তি কোটি কোটি টকাৰ-
ঋষভ পন্টৰ বয়স মাত্ৰ ২৭ বছৰ আৰু ইমান কম বয়সতে তেওঁ ক্ৰিকেট জগতত এক সুকীয়া স্থান অৰ্জন কৰাৰ লগতে ধন-সম্পত্তিৰ ক্ষেত্ৰতো চমক দিছে । এই বয়সতে তেওঁ কোটি কোটি টকাৰ ধন-সম্পত্তি অৰ্জন কৰিছে । স্প’ৰ্টছকিডাৰ তথ্য অনুসৰি ২০১৫ চনত আত্মপ্ৰকাশ কৰা পণ্টৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১ কোটি ২০ লাখ ডলাৰ (প্ৰায় ১০০ কোটি টকা) বুলি অনুমান কৰা হৈছে ।
ইয়াৰ পৰাই টকা উপাৰ্জন কৰে-
আই পি এলৰ আটাইতকৈ ব্যয়বহুল খেলুৱৈত পৰিণত হোৱা ঋষভ পন্টৰ আয়ৰ কথা ক’বলৈ গ’লে তেওঁৰ আয়ৰ এটা ডাঙৰ অংশ বি চি চি আইৰ সৈতে কৰা চুক্তিৰ পৰাই আহে ৷ ইয়াৰ উপৰিও আই পি এলকে ধৰি ব্ৰেণ্ড এণ্ডাৰছমেণ্টৰ জৰিয়তেও তেওঁ বহু উপাৰ্জন কৰে । বি চি চি আইৰ পৰা গ্ৰেড-বি চুক্তিৰ অধীনত পণ্টক দিয়া হয় ৩ কোটি টকা । ইয়াৰ বাহিৰেও খবৰ অনুসৰি পণ্টে প্ৰতিখন টেষ্ট মেচৰ বাবে ১৫ লাখ, এদিনীয়াৰ বাবে ৬ লাখ আৰু টি-২০ৰ বাবে ৩ লাখ টকা লাভ কৰে । ইয়াৰ উপৰিও তেওঁ HDFC life, Dream11কে ধৰি অন্যান্য ব্ৰেণ্ডৰ বিজ্ঞাপনৰ পৰা বহু টকা উপাৰ্জন কৰে ।
দিল্লীৰ পৰা ৰুৰকীলৈকে বিলাসী ঘৰ-
উত্তৰাখণ্ডৰ ৰুৰকীত জন্মগ্ৰহণ কৰা ঋষভ পন্টে এক বিলাসী জীৱন কটায় । তেওঁৰ গৃহ চহৰ ৰুৰকীৰ বাহিৰেও দিল্লী, ডেৰাডুনকে ধৰি অন্যান্য স্থানত বিলাসী ঘৰ আছে । তেওঁৰ ঘৰ বিলাসী আচবাবৰ লগতে জিম, দামী পেইন্টিংকে ধৰি বিলাসী ইণ্টেৰিয়ৰেৰে সজ্জিত ।
দামী গাড়ীৰ চখ আছে ঋষভ পন্টৰ-
ঋষভ পন্টৰ প্ৰথম প্ৰেম ক্ৰিকেট, কিন্তু দামী আৰু বিলাসী গাড়ীৰ প্ৰতিও তেওঁক আকৰ্ষিত বুলি গণ্য কৰা হয় । তেওঁৰ গাড়ী সংগ্ৰহ চাই এই কথা জোখা হ’ব পাৰে । খবৰ অনুসৰি তেওঁৰ হাতত ফৰ্ড মুস্তাংগ জিটি, অ’ডি এ৮, মাৰ্চিডিজ বেঞ্জ জিএলচি আদি গাড়ী আছে ।