২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এল ২০২৫, মুঠ ১০ টা দলে অংশগ্ৰহণ কৰিব এই প্ৰতিযোগিতাত । প্ৰায় ২ মাহ ধৰি চলিবলগীয়া এই ইভেণ্টত মুঠ ৭৪খন মেচ অনুষ্ঠিত হ’ব । দহটা দলৰ আটাইকেইটাৰ দল আৰু অধিনায়কৰ নামো প্রকাশ কৰা হৈছে ৷ চেন্নাই আৰু মুম্বাই ইণ্জিয়ানছৰ দৰে ডাঙৰ দলবোৰ এইবাৰো পূৰ্বৰ দৰেই অতি শক্তিশালী দেখা গৈছে । একে সময়তে অক্ষৰ পেটেলৰ অধিনায়কত্বত থকা দিল্লী কেপিটেলছেও এইবাৰ অতি শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিবলৈ সৈজু হৈছে ।
দলৰ সংমিশ্ৰণ যিমানেই শক্তিশালী নহওক কিয়, প্ৰথমে বেটিং বা লক্ষ্য অনুসৰণ কৰাৰ সময়ত, এটা দলৰ জয়ৰ ভেটি স্থাপন কৰে অ’পেনিং বেটছমেনসকলে । ইয়াত জানি লওক আই পি এল ২০২৫ত কোনটো দলৰ অপেনিং যুটী আটাইতকৈ শক্তিশালী দেখা গৈছে ।
চেন্নাই ছুপাৰ কিংছ – ঋতুৰাজ গাইকোৱাদ আৰু ডেভন কনৱেঃ
ডেভন কনৱেই আই পি এল ২০২৪ত খেলিব পৰা নাছিল, কিন্তু তাৰ এটা ছিজন পূৰ্বে অৰ্থাৎ আই পি এল ২০২৩ত তেওঁ ঋতুৰাজ গাইকোৱাদৰ সৈতে চি এছ কেক খিতাপ জয়ৰ দিশত আগুৱাই লৈ যায় । গাইকোৱাদ আৰু কনৱেই একেলগে ২০২৩ চনত ১২৬২ ৰান সংগ্ৰহ কৰিছিল । দুয়োজনৰে গড়ে ৫০ জনতকৈ অধিক ৰান আছিল । এই মাৰাত্মক যুটীটোৱে পুনৰ এবাৰ চি এছ কেৰ বাবে অপেনিং কৰা দেখা যাব ।
ছানৰাইজাৰ্ছ হায়দৰাবাদ – ট্ৰেভিছ হেড আৰু অভিষেক শৰ্মাঃ
কোনে পাহৰিব পাৰে আই পি এল ২০২৪ৰ সেই ধুমুহাময় ইনিংছবোৰ, যেতিয়া ট্ৰেভিছ হেড আৰু অভিষেক শৰ্মাই একেলগে বিপক্ষৰ বলাৰক নিৰ্দয় প্ৰহাৰ কৰিছিল । যোৱা ছিজনত এই যুটীৰ বলতে এছ আৰ এইচে আই পি এলৰ ইতিহাসত দুটাকৈ সৰ্বাধিক স্ক’ৰ লাভ কৰিছিল ।
ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু – বিৰাট কোহলী আৰু ফিল ছল্টঃ
বিৰাট কোহলীয়ে ৭৪১ ৰান সংগ্ৰহ কৰি আই পি এল ২০২৪ৰ অৰেঞ্জ কেপ লাভ কৰে । এতিয়া তেওঁ আৰ চি বিত ইংলেণ্ডৰ ডেছিং অ’পেনাৰ ফিল ছল্টৰ সমৰ্থন লাভ কৰিব । বিৰাটৰ আই পি এলৰ পৰিসংখ্যা আচৰিত হোৱাৰ বিপৰীতে আনটো মূৰৰ পৰা আই পি এল ২০২৪ত ১৮২ ৰান ষ্ট্ৰাইক ৰেট বজাই ৰাখি এইবাৰ ছল্টে বলাৰক ব্যতিব্যস্ত কৰিব পাৰে ।
গুজৰাট টাইটানছ – শুভমন গীল আৰু জোছ বাটলাৰঃ
দুয়োজন আন্তঃৰাষ্ট্ৰীয় তাৰকা, বলাৰক বহুত ভালকৈ পঢ়িব জানে । আই পি এলৰ এটা ছিজনত ৮০০ৰো অধিক ৰান সংগ্ৰহ কৰা চাৰিজন নিৰ্বাচিত খেলুৱৈৰ ভিতৰত গীলৰ নাম অন্তৰ্ভুক্ত হৈছে । যদিহে জোছ বাটলাৰে তেওঁৰ সৈতে আৰম্ভণি কৰে আৰু দুয়োজন খেলুৱৈয়ে ফৰ্মত থাকে, তেন্তে গুজৰাট জায়েণ্টছক আই পি এল ২০২৫ত ফাইনেলৰ বাবে ডাঙৰ প্ৰতিদ্বন্দ্বী বুলি কোৱাটো ভুল নহ’ব ।
মুম্বাই ইণ্ডিয়ানছ – ৰোহিত শৰ্মা আৰু ৰিয়ান ৰিকেলটন/উইল জেকছঃ
মুম্বাই ইণ্ডিয়ানছৰ ইনিংছ মুকলিৰ ক্ষেত্ৰত ৰোহিত শৰ্মাৰ অভিজ্ঞতা আছে । শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ ৰিয়ান ৰিকেলটনে বগা বল ক্ৰিকেটত নতুন উচ্চতা লাভ কৰিবলৈ সক্ষম হৈছে । ৰিকেলটনৰ উপৰিও উইল জেকছো অ’পেনিং বেটিঙৰ বাবে উন্নত বিকল্প হ’ব পাৰে । ২০২৪ চনৰ আই পি এলত আৰ চি বিৰ হৈ খেলি থকাৰ সময়ত তেওঁ ১৭৫ ষ্ট্ৰাইক ৰেটত ২৩০ ৰান সংগ্ৰহ কৰে ।
কলকাতা নাইট ৰাইডাৰ্ছ – অজিংক্য ৰাহানে/সুনিল নাৰিনে আৰু কুইণ্টন ডি ককঃ
কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক অজিংক্য ৰাহানে দক্ষিণ আফ্ৰিকাৰ বিস্ফোৰক বেটছমেন কুইণ্টন ডি ককৰ সৈতে অইপেনিঙৰ দায়িত্ব ল’ব পাৰে । কিন্তু নিয়মিতভাৱে দলটোক বিস্ফোৰক আৰম্ভণি দি অহা সুনীল নাৰিনেও অ’পেনিঙৰ বাবে এক উন্নত বিকল্প বুলি প্ৰমাণ কৰিব পাৰে ।
ৰাজস্থান ৰয়েলছ – সঞ্জু চেমছন আৰু যশস্বী জয়ছোৱালঃ
অধিনায়ক সঞ্জু চেমছন আৰু যশস্বী জয়ছোৱালক ৰাজস্থান ৰয়েলছ দলৰ আটাইতকৈ শক্তিশালী যুটী বুলি ক’ব পাৰি । যোৱা ছিজনত দুয়োজনে একেলগে ৯৬৬ ৰান সংগ্ৰহ কৰিছিল, দুয়োৰে ফৰ্ম ভাল আৰু অপেনিঙৰ বহু অভিজ্ঞতা আছে ।
দিল্লী কেপিটেলছ – ফাফ ডু প্লেছিছ আৰু জেক ফ্ৰেজাৰ মেকগাৰ্কঃ
অষ্ট্ৰেলিয়াৰ যুৱ আৰু শক্তিশালী খেলুৱৈ জেক ফ্ৰেজাৰ মেকগাৰ্কে যোৱা ছিজনত বিধ্বংসী ৰূপ ধাৰণ কৰিছিল । যোৱা বছৰ তেওঁ আই পি এলত ২৩৪ ৰান ষ্ট্ৰাইক ৰেটত ৩৩০ ৰান সংগ্ৰহ কৰিছিল । তেওঁৰ লগতে ফাফ ডু প্লেছিছৰ অভিজ্ঞতা আৰু তেওঁৰ আগ্ৰাসী বেটিং দিল্লীৰ বাবে ট্ৰাম্প কাৰ্ড বুলি প্ৰমাণিত হ’ব পাৰে ।
লক্ষ্ণৌ ছুপাৰ জায়েন্টছ – এইডেন মাক্ৰাম আৰু মিচেল মাৰ্ছঃ
এল এছ জিৰ দলত নিকোলাছ পুৰাণ, ঋষভ পন্ট আৰু ডেভিদ মিলাৰৰ দৰে শক্তিশালী বেটছমেন আছে । কিন্তু প্ৰশ্ন হয় কোনে অপেনিং কৰিব ? এইডেন মাৰ্ক্ৰাম আৰু মিচেল মাৰ্ছক দলটোৰ সম্ভাৱ্য অপেনিং যুটি হিচাপে দেখা গৈছে । এল এছ জি মুকলিৰ ক্ষেত্ৰত দুৰ্বল যেন লাগে কাৰণ মাৰ্ক্ৰাম আৰু মাৰ্ছে সাধাৰণতে তিনি নম্বৰ বা তাতকৈ তলত বেটিং কৰে ।
পঞ্জাব কিংছ – জোছ ইংলিছ আৰু প্ৰভসিমৰণ সিং
বৰ্তমান চেম্পিয়নছ ট্ৰফী ২০২৫ত ইংলেণ্ডৰ বিৰুদ্ধে ১২০ ৰানৰ উজ্জ্বল ইনিংছ খেলি আহিছে জোছ ইংলিছ । একে সময়তে প্ৰভসিমৰন সিঙো দীৰ্ঘদিন ধৰি পঞ্জাৱ কিংছৰ সৈতে জড়িত হৈ আছে । কিন্তু দুয়োৰে টি-২০ ষ্টেটাছ বৰ ভাল নহয়, আনহাতে টি-২০ মেচত ইংলিছৰ অভিজ্ঞতাৰ অভাৱ পঞ্জাৱৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে ।