বৰ্তমান এদিনীয়া আৰু টি-২০ ফৰ্মেটত বিশ্বৰ এক নম্বৰ দলৰ স্থান লাভ কৰাৰ বিপৰীতে টেষ্ট ৰেংকিঙত দ্বিতীয় স্থানত আছে টীম ইণ্ডিয়া । ইয়াৰ ভিতৰত এনে এটা ফৰ্মেট আছে য’ত ব্যক্তিগত খেলুৱৈৰ ৰেংকিঙৰ ক্ষেত্ৰত টিম ইণ্ডিয়া পিছ পৰি থকা বুলি প্ৰমাণিত হৈছে । আমি এদিনীয়া ক্ৰিকেটত অল ৰাউণ্ডাৰ খেলুৱৈৰ ৰেংকিঙৰ কথা কৈছোঁ, য’ত শীৰ্ষ ১০ৰ তালিকাত এজনো ভাৰতীয় খেলুৱৈ নাই ।
এদিনীয়া ক্ৰিকেটৰ কথা ক’বলৈ গ’লে ভাৰতত বৰ্তমান ৰবীন্দ্ৰ জাডেজা, অক্ষৰ পেটেল আৰু হাৰ্দিক পাণ্ডিয়াৰ দৰে বিশ্বমানৰ অল ৰাউণ্ডাৰ খেলুৱৈ আছে । বৰ্তমান এদিনীয়া ক্ৰিকেটত ভাৰতৰ শীৰ্ষ অল ৰাউণ্ডাৰ খেলুৱৈ ৰবীন্দ্ৰ জাডেজা ১৩ নম্বৰ স্থানত আছে । আন এটা দুৰ্ভাগ্যজনক কথা হ’ল যে জাডেজাৰ বাহিৰে আন কোনো ভাৰতীয় খেলুৱৈ শীৰ্ষ ২০ অল ৰাউণ্ডাৰৰ তালিকাত নাই ।
এই তালিকাত ২২ নম্বৰ স্থানত আছে হাৰ্দিক পাণ্ডিয়া । ৫০ খনতকৈও অধিক এদিনীয়া খেলত টিম ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰা অক্ষৰ পেটেলক এই তালিকাত ক’তো দেখা পোৱা নাযায় । আনকি শীৰ্ষ ৫০ ৰ ভিতৰতো তেওঁৰ উপস্থিতি নাই । এই তালিকাৰ শীৰ্ষত আছে আফগানিস্তানৰ মহম্মদ নবী, যিয়ে চেম্পিয়নছ ট্ৰফী ২০২৫ৰ পিছত এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে ।
ভাৰতীয় খেলুৱৈৰ অৱস্থা কিয় বেয়া ?
এদিনীয়া ফৰ্মেটত ভাৰতৰ অল ৰাউণ্ডাৰ খেলুৱৈৰ ৰেংকিং বেয়া হোৱাৰ এটা মূল কাৰণ হ’ল ২০২৪ চনত টিম ইণ্ডিয়াই মাত্ৰ ৩খন এদিনীয়া মেচহে খেলিছে । এই তিনিখন এদিনীয়া মেচ আগষ্ট মাহত অনুষ্ঠিত হৈছিল, য’ত ভাৰতীয় দলটোৱে শ্ৰীলংকাৰ বিৰুদ্ধে ২-০ ত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । যদি আমি এদিনীয়া ক্ৰিকেটত বেটছমেনৰ ৰেংকিং চাওঁ, তেন্তে শীৰ্ষ দহৰ ভিতৰত তিনিজন ভাৰতীয় বেটছমেন আছে ।
ৰোহিত শৰ্মা (দ্বিতীয়), শুভমন গীল (তৃতীয়) আৰু বিৰাট কোহলী (চতুৰ্থ) স্থানত আছে । এদিনীয়া ফৰ্মেটত বিশ্বৰ ১ নম্বৰ দল অৰ্থাৎ ভাৰতৰ তিনিজন বলাৰ বৰ্তমান শীৰ্ষ দহৰ ভিতৰত আছে । কুলদীপ যাদৱ (তৃতীয়), যশপ্ৰীত বুমৰাহ (অষ্টম) আৰু মহম্মদ চিৰাজ দশম স্থানত আছে ।