বুধবাৰে আই চি চিয়ে প্ৰকাশ কৰে শেহতীয়া ৰেংকিং । এই ক্ষেত্ৰত ভাৰতৰ আগশাৰীৰ বেগী বলাৰ যশপ্ৰীত বুমৰাহ এক নম্বৰ বলাৰ হৈ আছে । একে সময়তে অল ৰাউণ্ডাৰ শাখাত শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিছে ৰবীন্দ্ৰ জাডেজাই । জানুৱাৰী মাহত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা পঞ্চম আৰু অন্তিমখন বৰ্ডাৰ-গাভাস্কাৰ টেষ্টৰ পূৰ্বে বুমৰাহে ৯০৭ পইন্ট সংগ্ৰহ কৰি ইতিহাসৰ সৃষ্টি কৰিছিল । ভাৰতীয় বলাৰৰ এইটোৱেই হৈছে আই চি চিৰ সৰ্বোচ্চ ৰেংকিং ৰেটিং । বৰ্তমান তেওঁৰ ৰেটিং হৈছে ৯০৮ যিটো তেওঁৰ সৰ্বোত্তম ।
টেষ্ট বলাৰৰ ৰেংকিং-
টেষ্ট বলাৰৰ ভিতৰত অষ্ট্ৰেলিয়াৰ পেট কামিন্সে ৮৪১ ৰেটিং পইণ্টেৰে দ্বিতীয় স্থানত আছে আৰু দক্ষিণ আফ্ৰিকাৰ কাগিছ’ ৰাবাডাই ৮৩৭ ৰেটিং পইণ্টেৰে তৃতীয় স্থানত আছে । চতুৰ্থ স্থানত অষ্ট্ৰেলিয়াৰ জোছ হেজলউড আৰু পঞ্চম স্থানত আছে দক্ষিণ আফ্ৰিকাৰ মাৰ্কো জান্সেন । মুলতানত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত ৬ উইকেট দখল কৰি পাকিস্তানৰ নোমান আলীয়ে (৭৬১) শীৰ্ষ দহৰ ভিতৰত স্থান লাভ কৰিছে । তেওঁ দুটা স্থান জপিয়াই নৱম স্থান লাভ কৰিছে । ইফালে, শীৰ্ষ ১০ গৰাকী টেষ্ট বলাৰৰ ভিতৰত দশম স্থানত আছে ভাৰতৰ ৰবীন্দ্ৰ জাডেজা ।
টেষ্ট অল-ৰাউণ্ডাৰ ৰেংকিং-
টেষ্ট ফৰ্মেটত শীৰ্ষ ১০ অল ৰাউণ্ডাৰৰ তালিকাত বিশেষ পৰিৱৰ্তন হোৱা নাই । ৪০০ ৰেটিং পইণ্টেৰে শীৰ্ষ স্থানত আছে জাডেজা । তেওঁৰ পিছতে আছে দক্ষিণ আফ্ৰিকাৰ মাৰ্কো জান্সেন । তেওঁৰ ৰেটিং পইণ্ট হৈছে ২৯৪ । তৃতীয় স্থানত আছে ২৮৪ ৰেটিং পইণ্টেৰে বাংলাদেশৰ মেহদী হাছান । অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্স ২৮২ ৰেটিং পইণ্টেৰে চতুৰ্থ স্থান আৰু বাংলাদেশৰ ছাকিব আল হাছানে ২৬৩ ৰেটিং পইণ্টেৰে অলৰাউণ্ডাৰৰ ভিতৰত পঞ্চম স্থানত আছে ।
টেষ্ট বেটছমেনৰ ৰেংকিং-
টেষ্ট বেটছমেনৰ ভিতৰত ইংলেণ্ডৰ জো ৰুট শীৰ্ষত আছে । তেওঁৰ ৰেটিং পইণ্ট হৈছে ৮৯৫ । ইফালে ইংলেণ্ডৰ হেৰী ব্ৰুক ৮৭৬ ৰেটিং পইণ্টেৰে দ্বিতীয় স্থানত আছে । তৃতীয় স্থানত আছে নিউজীলেণ্ডৰ কেন উইলিয়ামছন । তেওঁৰ ৰেটিং পইণ্ট হৈছে ৮৬৭ । ভাৰতৰ যশস্বী জয়ছোৱালে ৮৪৭ ৰেটিং পইণ্টেৰে চতুৰ্থ স্থানত থকাৰ বিপৰীতে অষ্ট্ৰেলিয়াৰ ট্ৰেভিছ হেডে ৭৭২ ৰেটিং পইণ্টেৰে পঞ্চম স্থানত আছে ।
টেষ্ট বেটছমেনৰ ভিতৰত শীৰ্ষ ১০ ৰ ভিতৰত ভাৰতৰ দুগৰাকী খেলুৱৈ আছে । যশস্বীৰ বাহিৰেও আছে ঋষভ পন্ট । পণ্ট এটা স্থান অৱনমিত হৈ দশম স্থানলৈ গৈছে । ফৰ্মৰ বাহিৰত বিৰাট কোহলী ২৬ নম্বৰ স্থানত থকাৰ বিপৰীতে শুভমন গীল ২২ নম্বৰ স্থানত আছে । টেষ্ট বেটছমেনৰ ভিতৰত ৪৩ নম্বৰ স্থানত আছে ৰোহিত শৰ্মা ।