জয়পুৰ আৰক্ষীয়ে আটক কৰিছে আই আই টি বাবা হিচাবে খ্যাত অভয় সিঙক । তেওঁ ছ’চিয়েল মিডিয়াত আত্মহত্যাৰ ভাবুকি দিছিল । আৰক্ষীয়ে তেওঁৰ স্থান অনুসন্ধান কৰি জয়পুৰৰ ৰিদ্ধি-সিদ্ধি অঞ্চলৰ এখন হোটেলৰ পৰা আটক কৰে । বাবাৰ ওচৰত গাঞ্জা আৰু আন কিছু মাদক দ্ৰব্যও উদ্ধাৰ হয় । আই আই টিয়ান বাবা নামেৰে জনপ্ৰিয় অভয় সিঙে ছ’চিয়েল মিডিয়াত আত্মহত্যাৰ ভাবুকি দিছিল । ইয়াৰ পিছত আৰক্ষী তেওঁৰ সন্থানত নামে । আৰক্ষীয়ে তেওঁৰ স্থানৰ সন্ধানত জয়পুৰৰ ৰিদ্ধি-সিদ্ধিৰ এখন হোটেললৈ লৈ যায় । শিপ্ৰপাঠ আৰক্ষী থানাৰ চি আই ৰাজেন্দ্ৰ গোদাৰাই এটা দলৰ সৈতে হোটেলত উপস্থিত হৈ বাবাক আটক কৰে ।
আৰক্ষীয়ে তালাচী চলাওঁতে কোঠাত উদ্ধাৰ কৰে গাঞ্জা-
হোটেলৰ কোঠাত তালাচীৰ সময়ত আৰক্ষীয়ে গাঞ্জাকে ধৰি আন কিছু নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰে । ইয়াৰ পিছত আৰক্ষীয়ে বাবাক থানালৈ লৈ যায় । আৰক্ষীয়ে বিষয়টোৰ তদন্ত কৰি বাবাই কিয় আত্মহত্যাৰ ভাবুকি দিছিল সেই কথা জানিবলৈ চেষ্টা চলাইছে । লগতে তেওঁৰ লগত পোৱা ড্ৰাগছৰ উৎসৰ বিষয়েও তদন্ত চলি আছে । ইয়াৰ পূৰ্বে বাবাৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু হৈছে নে নাই সেই বিষয়েও তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
বাবাই গঞ্জাক প্ৰসাদ বুলি কৈছিল-
এই ক্ষেত্ৰত অভয় সিং ওৰফে IITian বাবাই কৈছে যে ‘অলপ প্ৰসাদ (গাঞ্জা) পোৱা গৈছে ।’ মই তেওঁলোকক ক’লো যে যদি এই প্ৰসাদৰ ওপৰত কেচ দাখিল কৰে, তেন্তে কুম্ভত ইমান মানুহে পান কৰে, সকলোকে গ্ৰেপ্তাৰ কৰক । ভাৰতত এই কথা বুজা যায় । উল্লেখ্য যে, বাবৰ বিৰুদ্ধে এন ডি পি এছৰ ধাৰাত এই গোচৰত এফ আই আৰ ৰুজু কৰা হৈছে ।