২৫ মাৰ্চ মঙলবাৰে পাঞ্জাব কিংছে গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলিব।ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ পূৰ্বে খিতাপ বিচাৰি ফুৰা পঞ্জাব কিংছ (পিবিকেএছ)য়ে অনুশীলনৰ লগতে পূজা-অৰ্চনাও আৰম্ভ কৰিছে।
ইয়াৰ বাবে আনকি পাঞ্জাব কিংছৰ প্ৰশিক্ষক ৰিকি পণ্টিংকো সনাতনী অৱতাৰত দেখা গৈছে । তেওঁৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে য’ত তেওঁক পূজা কৰা দেখা গৈছে।
তেওঁৰ এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে। অহা ২২ মাৰ্চত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ মাজত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ প্ৰথমখন খেল।
প্ৰীতি জিন্টা-নেছ ৱাডিয়াৰ মালিকানাধীন পঞ্জাব কিংছে অহা ২৫ মাৰ্চৰ পৰা আই পি এল ২০২৫ত নিজৰ অভিযান আৰম্ভ কৰিব।

পূৰ্বে কিংছ একাদশ পঞ্জাব আৰু বৰ্তমান পঞ্জাব কিংছ নামেৰে খেলা এই দলটোৱে আই পি এলত এটাও খিতাপ অৰ্জন কৰিব পৰা নাই।
এই দলটোৱে ২০০৮ চনৰ পৰা ২০২৫ চনৰ ভিতৰত ১৭ জন অধিনায়ক সলনি কৰিছে।এই ছিজনতো নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ আৰু প্ৰশিক্ষক ৰিকি পণ্টিঙৰ নেতৃত্বত আহি আছে পঞ্জাব
আই পি এল ২০২৫ৰ পূৰ্বে পঞ্জাৱ কিংছৰ মুখ্য প্ৰশিক্ষক ৰিকি পণ্টিঙে পূজা কৰা দেখা গৈছিল। মন্ত্ৰ জপৰ মাজত তামৰ পাত্ৰৰ পৰা জল আগবঢ়াইছে পণ্টিঙে।
স্বাভাৱিকতে তেওঁ যিহেতু হিন্দুনহয়, সেয়েহে পূজাৰ অনুষ্ঠানৰ সময়ত তেওঁক অলপ অস্বস্তিবোধ কৰা যেন লাগিছিল।
ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে যে যেতিয়া পণ্টিঙে পানী আগবঢ়াবলৈ খৰখেদা কৰিবলৈ ধৰিলে, ওচৰতে বহি থকা তেওঁৰ সতীৰ্থই তেওঁক লাহে লাহে কৰিবলৈ ক’লে।
এই পূজাত পঞ্জাৱ কিংছৰ সকলো খেলুৱৈ, প্ৰশিক্ষক কৰ্মচাৰী আৰু সহায়ক কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। ৰিকি পণ্টিঙে পূজা কৰা সেই ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।