টেষ্ট ফৰ্মেটৰ পৰা অৱসৰ লোৱা সন্দৰ্ভত অৱশেষত নিজৰ মৌনতা ভংগ কৰিছে ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই । উল্লেখ্য যে ছিডনী টেষ্ট মেচত দলৰ মূল একাদশৰ পৰা বাহিৰত আছে হিটমেন । তেওঁৰ পৰিৱৰ্তে এই টেষ্টত অধিনায়কৰ দায়িত্ব দিয়া হৈছে যশপ্ৰীত বুমৰাহক । ইয়াৰ পিছতেই টেষ্ট ক্ৰিকেটৰ পৰা ৰোহিত শৰ্মাই অৱসৰ গ্ৰহণ কৰিব বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল । কিন্তু এতিয়া টেষ্ট ফৰ্মেটৰ পৰা অৱসৰ সন্দৰ্ভত ৰোহিতে এটা ডাঙৰ মন্তব্য দিছে ।
ছিডনী টেষ্টত এক সাক্ষাৎকাৰত ৰোহিতে অৱসৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু পোনপটীয়াকৈ নিশ্চিত কৰে যে তেওঁ এতিয়াও টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লোৱা নাই । ৰোহিতে নিজৰ বিবৃতিত কয় যে, “এতিয়া ৰান অহা নাই, কিন্তু ৫ মাহৰ পিছতো যে নাহে তাৰ কোনো নিশ্চয়তা নাই । মই কঠোৰ পৰিশ্ৰম কৰিম ।”
ৰোহিতে অৱসৰ সন্দৰ্ভত কয়, “চাওক, মই ফৰ্মত নাই । ছিডনী টেষ্টৰ পৰা আঁতৰি অহাটো মোৰ নিজৰ সিদ্ধান্ত আছিল । কিন্তু মই অৱসৰৰ কথা ভবা নাই । মোৰ বেটে বৰ্তমান কাম কৰা নাই । মই এজন দুটা সন্তানৰ পিতৃ, মই বুদ্ধিমান, মই জানো কি কৰিব লাগে আৰু কেতিয়া কৰিব লাগে । দলৰ আউট অৱ ফৰ্ম বেটছমেনে ইমান গুৰুত্বপূৰ্ণ মেচ খেলাৰ সুযোগ পাব নালাগে, গতিকে মই বাহিৰত বহিবলৈ সিদ্ধান্ত লৈছো ।”
ভাৰতীয় কিংবদন্তি ক্ৰিকেটাৰ ৰোহিতে আৰু কয় যে, “বাহিৰত লেপটপ, কলম আৰু কাগজ লৈ বহি থকা মানুহে অৱসৰ কেতিয়া হ’ব আৰু মই কি সিদ্ধান্ত ল’ব লাগিব সেইটো সিদ্ধান্ত ল’ব নোৱাৰে ।”
উল্লেখ্য যে বিগত কিছুদিনৰ পৰা ৰোহিতে টেষ্টত ভাল প্ৰদৰ্শন আগবঢ়াব পৰা নাই, যাৰ বাবে অৱসৰৰ কথা চৰ্চালৈ আহিছে । ভাৰতত নিউজীলেণ্ডৰ বিৰুদ্ধে খেলা টেষ্ট ছিৰিজতো ৰোহিতে বিশেষ প্ৰদৰ্শন কৰিব পৰা নাছিল । ইয়াৰ বাহিৰেও বৰ্ডাৰ-গাভাস্কাৰ ছিৰিজত ৫ ইনিংছত মাত্ৰ ৩১ ৰানহে কৰিবলৈ সক্ষম হৈছে ৰোহিতে ।
ৰোহিতে এতিয়া টেষ্ট ক্ৰিকেটৰ পৰা আঁতৰি আহিব বুলি কোৱা সকলো জল্পনা-কল্পনাৰ অন্ত পেলাইছে । উল্লেখ্য যে এতিয়া বৰ্ডাৰ-গাভাস্কাৰ ছিৰিজৰ পিছত জুন মাহত ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট ছিৰিজ খেলিবলৈ গৈ আছে ভাৰতীয় দলটোৱে ।