ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত খেলা তৃতীয় খন টেষ্ট মেচ অমীমাংসিত ভাৱে সমাপ্ত হৈছিল। কিন্তু তাৰ মাজতে আৰ. অশ্বিনে কৰা এটা ডাঙৰ ঘোষণাই সকলোকে আচৰিত কৰিছিল।
গাব্বাত তৃতীয় টেষ্ট সমাপ্ত হোৱাৰ লগে লগে অশ্বিনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনায়।অনিল কুম্বলে (৬১৯ উইকেট)ৰ পিছত, ৫৩৭ ৰাণৰ সৈতে ভাৰতৰ হৈ দ্বিতীয় সৰ্বাধিক উইকেট দখল কৰা অশ্বিনে ব্ৰিছবেনত তৃতীয় টেষ্ট খন ড্ৰ’ত সমাপ্ত হোৱাৰ পিছত অধিনায়ক ৰোহিত শৰ্মাৰ সৈতে এক যুটীয়া সংবাদমেলত কয় যে তেওঁ বেছি সময় নল’ব।
ভাৰতীয় দলৰ ক্ৰিকেটাৰ হিচাপে এইটো তেওঁৰ অন্তিম দিন। তেওঁ কৈছিল যে “তেওঁ অনুভৱ কৰে যে তেওঁৰ মাজত এতিয়াও অলপ ক্ৰিকেট বাকী আছে, কিন্তু তেওঁ এতিয়া ইয়াক ক্লাব পৰ্যায়ত প্ৰদৰ্শন কৰিব বিচাৰে”।
অশ্বিনে আৰু কৈছিল যে “তেওঁৰ সমগ্ৰ কেৰিয়াটো যথেষ্ট উপভোগ কৰিছে। ৰোহিত আৰু আন খেলুৱৈসকলৰ সৈতে তেওঁৰ বহুতো স্মৃতি আছে। তেওঁ বিচিচিআই আৰু তেওঁৰ সহযোগী খেলুৱৈসকলকো ধন্যবাদ জনাইছিল”।
“এইটো তেওঁৰ বাবে এক আৱেগিক মুহূৰ্ত আৰু তেওঁ এতিয়া কোনো প্ৰশ্ন ল’ব নোৱাৰিব।তাৰ বাবে তেওঁ সকলোৰে ওচৰত ক্ষমা বিচাৰে”।
ৰোহিতে অশ্বিনৰ প্ৰস্থানৰ পিছত কৈছিল যে আমি তেওঁৰ ইচ্ছাক সন্মান কৰা উচিত।আন্তৰ্জাতিক অৱসৰ ঘোষণাৰ পূৰ্বে আৰ. অশ্বিনক ড্ৰেছিং ৰুমত বিৰাট কোহলীৰ সৈতে আৱেগিক হোৱা দেখা গৈছিল। এই সময়ছোৱাত, তেওঁ বিৰাট কোহলীকো চকুপানীৰ সৈতে সাৱটি ধৰিছিল।
অশ্বিনে বিশ্বৰ শীৰ্ষ দলসমূহৰ বিৰুদ্ধে সুন্দৰ প্ৰদৰ্শন কৰিছিল। তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১১৫ টা টেষ্ট উইকেট আৰু ইংলেণ্ডৰ বিৰুদ্ধে ১১৪ টা উইকেট লৈ অৱসৰ গ্ৰহণ কৰিছিল।