কেৰালাৰ কুল্লামত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাটোৰ ফলত এহাল বৃদ্ধ দম্পতিৰ মৃত্যু হয়। জানিব পৰা মতে নিশা মহিলা গৰাকীয়ে তেওঁৰ অসুস্থ স্বামীক চিকিৎসালয়লৈ এখন এম্বুলেন্সত লৈ গৈ আছিল।
সেই সময়তে কোট্টাৰাকাৰাৰ এমচি ৰোডৰ সদানন্দপুৰমত এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হয় এম্বুলেন্সখনৰ। দুৰ্ঘটনাটোৰ ফলত এম্বুলেন্সখনত থকা ৬৫ বছৰীয়া থাম্পি আৰু তেওঁৰ পত্নী শ্যামলাৰ মৃত্যু হয়।
দুৰ্ঘটনাগ্ৰস্ত এম্বুলেন্সখনত চালকসহ থাম্পি নামৰ ব্যক্তিগৰাকীৰ পত্নীও আছিল। জানিব পৰা মতে এম্বুলেন্স আৰু ট্ৰাকৰ চালক সহ ৭ জনকৈ লোক আহত হৈছে। দুৰ্ঘটনাটোৰ সময়ত, এম্বুলেন্সখন আদুৰৰ পৰা তিৰুৱন্তপুৰমলৈ যাত্ৰা কৰি আছিল।