অসমবাসীলৈ ধন্যবাদ জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অসমীয়াৰ আনন্দ আৰু কৃতজ্ঞতাত উঠলি উঠিল প্ৰধানমন্ত্ৰী মোদী।
অসমীয়া জাতিৰ বাবে আজি গৌৰৱৰ ক্ষণ। প্ৰতিগৰাকী অসমীয়া আজি আনন্দত উঠলি উঠিছে। দশক দশকজোৰা প্ৰচেষ্টাৰ অন্তত চহকী অসমীয়া ভাষাই লাভ কৰিলে ধ্ৰুপদী ভাষাৰ মৰ্যদা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় কেবিনেটে অসমীয়া ভাষাক প্ৰদান কৰিলে এই ধ্ৰুপদী ভাষাৰ স্বীকৃতি। দীৰ্ঘদিনীয়া মাতৃভাষা ন্দোলনৰ প্ৰতি ঐতিহাসিক স্বীকৃতি দিলে কেবিনেটে। প্ৰতিগৰাকী অসমীয়া আৰু অসমবাসীৰ বাবে এয়া গৌৰৱ, মাইলৰ খুঁটি।
অসমীয়া ভাষালৈ ঐতিহাসিক স্বীকৃতিৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইট কৰি লিখিছে- ”অসমীয়া সংস্কৃতিয়ে যুগ যুগ ধৰি উজলি উঠিছে আৰু আমাক এক চহকী আৰু সাহিত্য প্ৰদান কৰিছে । আগন্তুক সময়ত এই ভাষা আৰু অধিক জনপ্ৰিয় হৈ পৰক। সকলোকে মই অভিনন্দন জনাইছো।”
অসমীয়া ভাষাৰ লগতে মুঠ ৫টা ভাষাক এইবাৰ কেন্দ্ৰীয় কেবিনেটে ধ্ৰুপদী ভাষাক স্বীকৃতি দিছে। এই ভাষাকেইটাৰ ভিতৰত আছে মাৰাঠী, পালি, প্ৰাকৃত, অসমীয়া আৰু বঙালী। মোদী কেবিনেটৰ এই ঐতিহাসিক স্বীকৃতিত ৰাজ্যখনৰ বৌদ্ধিক, বিদ্যান, সাহিত্যিক, লেখক সকলো আজি আহ্লাদিত হৈ পৰিছে।
এই স্বীকৃতিৰ দ্বাৰা অসমীয়া ভাষাই বিশ্বৰ বুকুত স্বতন্ত্ৰতা, মৌলিকতা প্ৰতিষ্ঠা কৰি জগত সভালৈ আগুৱাই যাব পাৰিব। চিৰকালৰ বাবে স্বীকৃত হৈ ৰ’ব অসমীয়া ভাৰতৰ অন্যতম প্ৰাচীন ভাষা।