ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেট দলৰ মাজত তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলা অনুষ্ঠিত হ’বলৈ গৈ আছে । ইয়াৰ বাবে শীঘ্ৰেই অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যাব টিম ইণ্ডিয়া । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মহিলা এদিনীয়া শৃংখলাৰ বাবে ভাৰতে ঘোষণা কৰিছে দল । অভিজ্ঞ খেলুৱৈৰ লগতে যুৱ খেলুৱৈয়েও হৰমনপ্ৰীত কৌৰৰ অধিনায়কত্বত থকা দলটোত সুযোগ লাভ কৰিছে । স্মৃতি মন্ধনা, প্ৰিয়া পুনিয়া আৰু প্ৰিয়া মিশ্ৰ দলৰ অংশ ।
৫ ডিচেম্বৰত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব এদিনীয়া শৃংখলাৰ প্ৰথমখন খেল । টিম ইণ্ডিয়াই এই শৃংখলাৰ বাবে দলত জেমিমাহ ৰড্ৰিগজ, হাৰলিন দেওল, দীপ্তি শৰ্মা, যস্তিকা ভাটিয়া আৰু ৰিচা ঘোষক অন্তৰ্ভুক্ত কৰিছে । বহু সময়ত দীপ্তিয়ে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে । হাৰ্লিন আৰু ৰিচাইও নিজৰ শক্তি দেখুৱাইছে । ভাৰতৰ অভিজ্ঞ অ’পেনাৰ স্মৃতি মন্ধনাও দলৰ অংশ । কিন্তু দলত স্থান পোৱা নাই শ্বেফালী বাৰ্মাই ।
টিটাছ সাধু, অৰুন্ধতী ৰেড্ডী আৰু ৰেনুকা সিঙকো সুযোগ দিছে টিম ইণ্ডিয়াই । ছাইমা ঠাকুৰ আৰু তেজলো টিম ইণ্ডিয়াৰ অংশ । উল্লেখ্য যে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰথমখন এদিনীয়া ৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব । অহা ৮ ডিচেম্বৰত অনুষ্ঠিত হ’ব দ্বিতীয়খন এদিনীয়া । এই দুয়োখন মেচ ব্রিছবেনত অনুষ্ঠিত হ’ব ৷ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত তৃতীয়খন এদিনীয়া খেল পাৰ্থত অনুষ্ঠিত হ’ব ।
তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল :
হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মন্ধনা (উপ অধিনায়ক), প্ৰিয়া পুনিয়া, জেমিমাহ ৰড্ৰিগজ, হাৰলিন দেওল, যস্তিকা ভাটিয়া (উইকেট কীপাৰ), ৰিচা ঘোষ (উইকেট কীপাৰ), তেজল হাছেবনিছ, দীপ্তি শৰ্মা , মিন্নু মণি, প্ৰিয়া মিশ্ৰ, ৰাধা যাদৱ, তিতাছ সাধু, অৰুন্ধতী ৰেড্ডী, ৰেনুকা সিং ঠাকুৰ, চাইমা ঠাকুৰ ।