ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত আৰম্ভ হ’ব বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী । ২০১৮-১৯ বৰ্ষত বিৰাট কোহলীৰ নেতৃত্বত ভাৰতে প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়াৰ মাটিত টেষ্ট শৃংখলাত জয়লাভ কৰিছিল । ইয়াৰ পিছত ২০২০-২১ চনতো ভাৰতে ঘৰুৱা ক্ষেত্ৰত অষ্ট্ৰেলিয়াক পৰাস্ত কৰাত সফল হয় । ভাৰতীয় দলটোৱে এতিয়া অষ্ট্ৰেলিয়াৰ মাটিত টেষ্ট শৃংখলা জয়ৰ হেট্ৰিক অৰ্জন কৰিবলৈ বিচাৰিব । শুকুৰবাৰৰ পৰা পাৰ্থত অনুষ্ঠিত হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ প্ৰথমখন টেষ্ট মেচ ।
শেষ ভ্ৰমণত কোহলীৰ অধিনায়কত্বৰ খেলিছিল ভাৰতে । অৱশ্যে এডিলেইডত খেলা প্ৰাৰম্ভিক টেষ্টৰ পিছত তেওঁ ঘৰলৈ উভতি আহে । প্ৰথমখন টেষ্টত টিম ইণ্ডিয়াই ৩৬ ৰানত অল আউট হৈছিল যদিও তাৰ পিছত পৰৱৰ্তী মেচৰ পৰা অজিংক্য ৰাহানেৰ কমাণ্ডত মেলবৰ্ণ আৰু ব্রিছবেনত ২-১ ব্যৱধানত জয়লাভ কৰি শৃংখলা জয় কৰিবলৈ সক্ষম হয় ভাৰতে ৷ শেহতীয়াকৈ ঘৰুৱা মাটিত নিউজীলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ভাৰতে ০-৩ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল আৰু এতিয়া ভাৰতে সেই পুৰণি তিক্ত স্মৃতিবোৰ এৰি নতুন আৰম্ভণি কৰিবলৈ চেষ্টা কৰিব ।
নিউজীলেণ্ডৰ বিৰুদ্ধে পৰাজয়ৰ ফলত ভাৰতৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশৰ সম্ভাৱনাও প্ৰভাৱিত হৈছে । নিউজীলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ পূৰ্বে দলটোৱে ডব্লিউ টি চিৰ পইণ্ট টেবুলৰ শীৰ্ষত আছিল যদিও পৰাজয়ৰ পিছত দ্বিতীয় স্থানলৈ অৱনমিত হয় । যদি ভাৰতে ডব্লিউ টি চিৰ ফাইনেলত প্ৰৱেশ কৰিব বিচাৰে তেন্তে শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা পাঁচখন টেষ্ট শৃংখলাত ৪-০ ব্যৱধানত জয়লাভ কৰিব লাগিব ।
এই ভ্ৰমণত বিৰাট কোহলীয়ে কিংবদন্তি বেটছমেন শচীন টেণ্ডুলকাৰক অতিক্ৰম কৰাৰ সুযোগ পাব । একে সময়তে যশস্বী জয়ছোৱাল আৰু অফ স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনেও নিজৰ নামত বহু কৃতিত্ব পঞ্জীয়ন কৰাৰ সুযোগ পাব । অষ্ট্ৰেলিয়াত কোহলীৰ অভিলেখ উন্নত আৰু ১৩খন মেচত গড়ে ৫৪.০৮ ৰানত ১৩৫২ ৰান সংগ্ৰহ কৰিছে । এই সময়ছোৱাত কোহলীয়ে ৬টা শতক আৰু চাৰিটা অৰ্ধশতক অৰ্জন কৰিছে । কেৱল এয়াই নহয়, ২০১১-১২ আৰু ২০১৪-১৫ ভ্ৰমণত তেওঁ ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছিল । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাত কোহলীৰ সৰ্বোত্তম প্ৰদৰ্শন আছিল ২০১৪–১৫ ভ্ৰমণত যেতিয়া তেওঁ চাৰিখন মেচত গড়ে ৮৬.৫০ ৰান কৰি ৬৯২ ৰান সংগ্ৰহ কৰিছিল, য’ত চাৰিটা শতক আৰু এটা অৰ্ধশতক অন্তৰ্ভুক্ত আছিল ।
কোহলীয়ে নিজৰ নামত বহু কৃতিত্ব অৰ্জন কৰিব পাৰে-
৩৫০ ৰান সংগ্ৰহ কৰাৰ পাছত কোহলী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহ কৰা তৃতীয়জন বেটছমেন হিচাপে পৰিগণিত হ’ব । এই বিষয়ত তেওঁ অতিক্ৰম কৰিব অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিংক । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহৰ ক্ষেত্ৰত শচীন প্ৰথম স্থানত আৰু শ্ৰীলংকাৰ প্ৰাক্তন অধিনায়ক কুমাৰ ছাংগাকাৰা দ্বিতীয় স্থানত আছে । একে সময়তে যদি এই ভ্ৰমণত কোহলীয়ে এটাও শতক অৰ্জন কৰাত সফল হয়, তেন্তে তেওঁ হ’ব অষ্ট্ৰেলিয়াত সৰ্বাধিক শতক অৰ্জন কৰা ভাৰতীয় বেটছমেন । এই ক্ষেত্ৰত কোহলী শচীনৰ ছটা শতকৰ সমান হৈ আছে ।
কেলেণ্ডাৰ বছৰত সৰ্বাধিক ৰান সংগ্ৰহৰ সুযোগ আছে যশস্বীৰ-
ভাৰতৰ তাৰকা অ’পেনিং বেটছমেন যশস্বী জয়ছোৱালেও অষ্ট্ৰেলিয়া ভ্ৰমণক বিশেষ কৰি তুলিব পাৰে । এই শৃংখলাত যদি তেওঁ ৪৪৪ ৰান সংগ্ৰহত সফল হয় তেন্তে তেওঁ ভাৰতৰ হৈ কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হ’ব । বৰ্তমান এই অভিলেখ ২০১০ চনত ১৫৬২ ৰান সংগ্ৰহ কৰা শচীনৰ নামত আছে । কেৱল এয়াই নহয়, যশস্বীয়ে ১৫ ৰান সংগ্ৰহ কৰি মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰক এৰি কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক ৰান সংগ্ৰহ কৰা ভাৰতৰ বাওঁহাতৰ বেটছমেন হিচাপে পৰিগণিত হ’ব । ২০০৮ চনত গম্ভীৰে ১১৩৪ ৰান সংগ্ৰহ কৰিছিল আৰু যশস্বী তেওঁক অতিক্ৰম কৰাৰ অতি ওচৰ চাপিছে ।
ভাৰতৰ হৈ অশ্বিনে সৰ্বাধিক দ্ৰুতগতিত ৫৫০ উইকেট সম্পূৰ্ণ কৰিব পাৰে-
ভাৰতৰ অভিজ্ঞ অফ স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনে টেষ্টত ৫৫০ উইকেট সম্পূৰ্ণ কৰা সৰ্বাধিক দ্ৰুত খেলুৱৈ হ’ব পাৰে । অনিল কুম্বলে ১১৫ ইনিংছত এই কাম কৰিছিল । সামগ্ৰিকভাৱে এই অভিলেখ বৰ্তমান শ্ৰীলংকাৰ প্ৰাক্তন স্পীনাৰ মুথীয়া মুৰলীধৰণৰ নামত আছে, যিয়ে ৯৪টা টেষ্ট ইনিংছত ৫৫০টা উইকেট সম্পূৰ্ণ কৰিছিল । একে সময়তে ১৩টা উইকেট দখল কৰি অশ্বিন অষ্ট্ৰেলিয়াৰ মাটিত টেষ্টত ভাৰতৰ সফল বলাৰ হিচাপে পৰিগণিত হ’ব । এই অভিলেখ বৰ্তমান অষ্ট্ৰেলিয়াত ১১খন টেষ্ট মেচত ৫১টা উইকেট দখল কৰা কপিল দেৱৰ নামত আছে ।