বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে মহম্মদ ছামীক টেষ্ট দলত অন্তৰ্ভুক্ত কৰা হোৱা নাই । ছামীৰ বিষয়ে কোৱা হৈছে যে বেগী বলাৰজন এতিয়াও সম্পূৰ্ণৰূপে ফিট হোৱা নাই । টেষ্ট দলত নিৰ্বাচিত নোহোৱাৰ পিছতে ছামীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । মহম্মদ ছামীয়ে তেওঁৰ ইউটিউবত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে য’ত তেওঁক তেওঁৰ ফিটনেছৰ বাবে প্ৰশিক্ষণ লোৱা দেখা গৈছে । দলটো বাছনি কৰাৰ পিছত ছামীয়ে এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে ।
মোৰ বাবে কালিতকৈ ভাল হোৱাৰ এটা নতুন সুযোগ আছে : ছামী
ছামীয়ে শ্বেয়াৰ কৰা ভিডিঅ’টোত তেওঁ দিয়া কেপছনটোৱে অনুৰাগীসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে । ছামীয়ে লিখিছে-“প্ৰতিটো দিন মোৰ বাবে কালিতকৈ ভাল হোৱাৰ এটা নতুন সুযোগ ।” ছামীৰ এই ভিডিঅ’টোৱে অনুৰাগীসকলৰ যথেষ্ট মন্তব্য লাভ কৰিছে আৰু যিমান সম্ভৱ সোনকালে ফিট হোৱাৰ বাবে তেওঁক শুভকামনা জনাইছে ।
ইয়াৰ উপৰিও, ছামীয়ে ইনষ্টাত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে আৰু লিখিছে- “মই প্ৰতি দিনে মোৰ বলিং ফিটনেছ উন্নত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰি আছো । মই মেচ-ৰেডি পাবলৈ আৰু ঘৰুৱা ৰঙা বলৰ ক্ৰিকেট খেলিবলৈ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিম । সকলো ক্ৰিকেট অনুৰাগী আৰু বি চি চি আইৰ ওচৰত ক্ষমা বিচাৰিছো, কিন্তু অতি সোনকালেই মই ৰঙা বলৰ ক্ৰিকেট খেলিবলৈ সাজু ।”
উল্লেখ্য যে, দলটোত ছামীৰ বাছনিক নোহোৱাক লৈ অনুৰাগীসকল হতাশ হৈছে । কিন্তু আশা কৰা হৈছে যে তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শেষৰ দুখন টেষ্ট মেচৰ বাবে নিৰ্বাচিত হ’ব পাৰে ।
ছামী কেনেকৈ ঘূৰি আহিব ?
ছামীয়ে নেটত বলিং কৰিব পাৰে কিন্তু তেওঁ নিজৰ ফিটনেছ প্ৰমাণ কৰিবলৈ ঘৰুৱা মেচ খেলিব লাগিব । ছামীয়ে এখন ঘৰুৱা খেলত তিনিৰ পৰা চাৰিটা স্পেলত কমেও ২৫ অভাৰ বল কৰিব লাগিব । তেতিয়াহে তেওঁৰ ফিটনেছ মূল্যায়ন কৰিব পৰা যাব । এনে পৰিস্থিতিত, ছামীয়ে এতিয়ালৈকে কোনো ঘৰুৱা মেচ খেলা নাই, যাৰ বাবে তেওঁৰ ফিটনেছক লৈ বিভ্ৰান্তি আছে ।
ছামী টেষ্ট শৃংখলাৰ দ্বিতীয় পৰ্যায়ত উভতি আহিব পাৰে-
এতিয়া যদি মহম্মদ ছামীয়ে ঘৰুৱা মেচ খেলি নিজৰ ফিটনেছ প্ৰমাণ কৰে, তেন্তে হয়তো তেওঁক টেষ্ট শৃংখলাৰ দ্বিতীয় পৰ্যায়ৰ বাবে, অৰ্থাৎ চতুৰ্থ আৰু পঞ্চম টেষ্টৰ বাবে দলত অন্তৰ্ভূক্ত কৰিব পাৰে । কিন্তু ইয়াৰ সিদ্ধান্ত সম্পূৰ্ণৰূপে দল পৰিচালনাৰ ওপৰত নিৰ্ভৰ কৰিব । বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ছামীৰ মুঠ ৪০ টা উইকেট আছে । ছামীয়ে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত মুঠ ১১ খন টেষ্ট মেচ খেলিছে ।