বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজৰ ওপৰত দুখৰ পাহাৰ ভাগি পৰিছে।কিয়নো মাতৃহাৰা হ’ল অভিনেত্ৰী গৰাকী। কিছুদিন ধৰি অসুস্থতাৰ সৈতে যুঁজি আছিল জেকলিনৰ মাতৃ ।
মুম্বাইৰ লীলাৱতী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল তেওঁ।কিন্তু আজি শেষ নিশ্বাস ত্যাগ কৰিলে জেকলিনৰ মাতৃ কিম ফাৰ্নাণ্ডেজে।
জানিব পৰা মতে জেকলিনৰ মাতৃ কিম ফাৰ্নাণ্ডেজ হৃদ ৰোগত আক্ৰান্ত হৈছিল, ইয়াৰ পিছত সংকটজনক অৱস্থাত ২৪ মাৰ্চত তেওঁক লীলাৱতী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
তেতিয়াৰে পৰাই আই চি ইউত চিকিৎসকৰ এটা দলৰ তত্বাৱধানত আছিল তেওঁ। অৱশ্যে জেকলিনৰ পৰিয়ালৰ ফালৰ পৰা এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।
উল্লেখেয যে মাকৰ অসুস্থতাৰ খবৰ পোৱাৰ লগে লগেই জেকলিনে নিজৰ কাম এৰি মাকৰ ওচৰলৈ আহিছিল।অভিনেত্ৰীগৰাকীয়ে প্ৰায়ে চিকিৎসালয়ত মাকৰ ওচৰলৈ গৈছিল।ছলমান খানেও জেকলিনৰ মাতৃৰ অৱস্থা জানিবলৈ চিকিৎসালয়ত উপস্থিত হয়।
অভিনেত্ৰীগৰাকী মাতৃৰ সৈতে অতি ঘনিষ্ঠ আছিল জেকলিন। এতিয়া মাতৃক হেৰুৱাই শোকত বাগি পৰিছে অভিনেত্ৰী গৰাকী।
জানিব পৰা মতে মাতৃৰ অন্ত্যেষ্টিক্ৰিয়া ব্যক্তিগতভাৱে কৰিব, য’ত তেওঁলোকৰ ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সদস্য হে উপস্থিত থাকিব।