সমগ্ৰ দেশতে বুলডজাৰ এক্সনক লৈ বৃহৎ ৰায়দান দিছে উচ্চতম ন্যায়ালয়ে । ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনৰ বিচাৰপীঠে কয় যে অপৰাধৰ শাস্তি বুলডজাৰৰ এক্সন নহয় । বুলডজাৰ কাৰো ওপৰত ইচ্ছাকৃতভাৱে ব্যৱহাৰ কৰিব নোৱাৰিব । জানক বুলডজাৰ এক্সনক লৈ কি ক’লে উচ্চতম ন্যায়ালয়ে ?
১-অপৰাধৰ শাস্তি হিচাপে কাৰোবাৰ ঘৰ ভাঙিব নোৱাৰিব বুলি ন্যায়ালয়ে কয় ।
২ -অভিযুক্ত মাত্ৰ এজন, তেওঁৰ সমগ্ৰ পৰিয়ালক শাস্তি দিব নোৱাৰিব ।
৩ -ঘৰ কেৱল সম্পত্তি নহয়, ই পৰিয়ালৰ বাবে আশ্ৰয়স্থল ।
৪ -দোষীৰ বিৰুদ্ধে স্বেচ্ছাচাৰী ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব ।
৫ -ভুক্তভোগীক অন্যায় কাৰ্যৰ ক্ষতিপূৰণ দিব লাগিব ।
৬ -ভাঙি পেলোৱাৰ আগতে ১৫ দিনৰ সময় দিব লাগে । ঘৰৰ বাহিৰত জাননী আঁৰি দিব লাগে । ঘৰৰ মালিকে শুনানিৰ সুযোগ পাব লাগে ।
৭ – ইচ্ছাকৃতভাৱে কাৰো বিৰুদ্ধে বুলডজাৰ এক্সন গ্ৰহণ কৰিব নোৱাৰিব ।
৮ – বুলডজাৰৰ এক্সন আশ্ৰয়ৰ অধিকাৰ উলংঘা ।
৯ – আন কোনো বিকল্প নাথাকিলেহে বুলডজাৰৰ এক্সন গ্ৰহণ কৰিব লাগে ।
১০- স্বেচ্ছাচাৰীভাৱে কাম কৰা চৰকাৰী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে । বিষয়াসকলে নিজৰ খৰচত ঘৰ সাজিব লাগিব ।
কাৰণ দৰ্শোৱাৰ জাননীৰ প্ৰয়োজন-
উচ্চতম ন্যায়ালয়ে কৈছে যে কোনো কাৰণ উল্লেখ নকৰাকৈ এটা ঘৰ ভাঙিবলৈ জাননী জাৰি কৰিব নালাগে । কমেও ১৫ দিনৰ জাননী দিব লাগে । জাননীখন পঞ্জীভুক্ত ডাকযোগে প্ৰেৰণ কৰিব লাগে আৰু ঘৰৰ বাহিৰত লগাব লাগে । জাননীখনত উল্লেখ কৰা উচিত যে নিয়মবোৰ কেনেদৰে উলংঘা কৰা হৈছে । কৰ্তৃপক্ষই ঘৰৰ মালিকক শুনানিৰ সুযোগ দিব লাগে । ধ্বংস প্ৰক্ৰিয়াৰ ভিডিঅ’ প্ৰমাণ থাকিব লাগে । প্ৰতিবেদন এটা ডিজিটেল পৰ্টেলত আপলোড কৰিব লাগে ।
ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘা কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ-
একে সময়তে যদি কোনো বিষয়াই এই নিৰ্দেশনাসমূহ অমান্য কৰে তেন্তে তেওঁৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু কৰা হ’ব । আদালতে কয়, কৰ্তৃপক্ষই জনা উচিত যে যদি তেওঁলোকে এইবোৰ উলংঘা কৰি ভাঙি পেলোৱাৰ কাম কৰে, তেন্তে ঘৰটো পুনৰ নিৰ্মাণৰ দায়িত্ব তেওঁলোকৰ হ’ব । এনে ক্ষেত্ৰত বিষয়াসকলে নিজৰ পকেটৰ পৰাই খৰচ দিব লাগিব ।
আনহাতে প্ৰতিখন পৌৰসভাৰ স্থানীয় কৰ্তৃপক্ষক তিনিমাহৰ ভিতৰত ডিজিটেল পৰ্টেল প্ৰস্তুত কৰিবলৈ কয় আদালতে । সেই পৰ্টেলটোত এনে জাননী পঠোৱা, ঘৰৰ বাহিৰত লগোৱা, ঘৰৰ মালিকৰ সঁহাৰি আদি তথ্য থাকিব লাগে ।