ADRE আৰু আৰক্ষী পৰীক্ষাৰ ফলাফলক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিছে এক ভাল খবৰ। ৭ মাৰ্চ শুকুৰবাৰে ঘোষণা কৰা হ’ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ADRE পৰীক্ষাৰ ফলাফল।
ফেচবুক লাইভ যোগে এই কথা জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী গৰাকীয়ে জনোৱা মতে প্ৰথমতে প্ৰকাশ পাব অসম আৰক্ষীৰ পৰীক্ষাৰ ফলাফল।
আৰক্ষী উপ-পৰিদৰ্শকৰ পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা হ’ব ৬ মাৰ্চত। ইফালে ১২ মাৰ্চত ঘোষণা হব আৰক্ষীৰ পৰীক্ষাৰ ফলাফল। মুঠ ৪৫২৮টা পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা হ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে।
আনহাতে ৪ মাৰ্চত ঘোষণা হব আৰক্ষীৰ চালক পৰীক্ষাৰ ফলাফল। এই পৰীক্ষাত উত্তীৰ্ণ হ’লে ১৭ এপ্ৰিলৰ পৰা লিখিত পৰীক্ষাৰ বাবে ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ডসমূহ।