১৯৭১ চনৰ ভাৰত–পাকিস্তান যুদ্ধৰ সময়ত পাকিস্তানৰ বন্দৰ চহৰ কৰাচীৰ বিৰুদ্ধে ভাৰতীয় নৌসেনাই আৰম্ভ কৰা আক্ৰমণাত্মক অভিযান আছিল অপাৰেচন ট্ৰাইডেণ্ট । ১৯৭১ চনৰ ৪ ডিচেম্বৰত অপাৰেচন ট্ৰাইডেণ্টৰ অধীনত এই অঞ্চলত যুদ্ধত প্ৰথমবাৰৰ বাবে জাহাজ বিৰোধী ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰা হয় । এই আক্ৰমণত পাকিস্তানৰ জাহাজ আৰু সা-সুবিধাসমূহৰ বিস্তৰ ক্ষতিসাধন হয় ।
১৯৭১ চনত বাংলাদেশৰ স্বাধীনতাৰ বাবে চলি থকা সংগ্ৰামৰ বাবে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ আৰম্ভ হয় । পাকিস্তানী সেনাই বাংলাদেশত (তেতিয়াৰ পূব পাকিস্তানত) নৃশংস দমন চলোৱাত লাখ লাখ লোকে ভাৰতত আশ্ৰয় ল’বলৈ বাধ্য হয় । তাৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা লোৱাৰ সিদ্ধান্ত লয় ।
On Navy Day, we salute the valiant personnel of the Indian Navy who protect our seas with unmatched courage and dedication. Their commitment ensures the safety, security and prosperity of our nation. We also take great pride in India’s rich maritime history. pic.twitter.com/rUrgfqnIWs
— Narendra Modi (@narendramodi) December 4, 2024
কৰাচীৰ কৌশলগত গুৰুত্ব-
কৰাচী আছিল পাকিস্তানৰ সৰ্ববৃহৎ বন্দৰ আৰু গুৰুত্বপূৰ্ণ বাণিজ্যিক কেন্দ্ৰ । ইয়াৰ উপৰিও পাকিস্তানৰ নৌসেনা আৰু সামুদ্ৰিক যোগানৰ মূল কেন্দ্ৰ আছিল । ইয়াক লক্ষ্য কৰি শত্ৰুৰ যোগান শৃংখলত ব্যাঘাত জন্মোৱাটো গুৰুত্বপূৰ্ণ আছিল ।
এইদৰেই আৰম্ভ হৈছিল অপাৰেচন ট্ৰাইডেণ্ট-
১৯৭১ চনৰ ৪ ডিচেম্বৰত অপাৰেচন ট্ৰাইডেণ্ট আৰম্ভ কৰা হয় । ইয়াত ভাৰতীয় নৌসেনাই আই এন এছ নিৰ্ঘাট, আই এন এছ নিপট আৰু আই এন এছ বীৰ আদি সৰু, দ্ৰুত আৰু আধুনিক ক্ষেপণাস্ত্ৰ জাহাজ ব্যৱহাৰ কৰিছিল । এই জাহাজসমূহ ছোভিয়েট ইউনিয়নৰ পৰা লাভ কৰা অত্যাধুনিক পি-১৫ ষ্টাইক্স মিছাইলেৰে সজ্জিত আছিল । ভাৰতীয় নৌসেনাই নিশা কৰাচী বন্দৰত আক্ৰমণ চলাইছিল যাতে পাকিস্তানৰ ৰাডাৰ আৰু আকাশৰ পৰা নিৰীক্ষণ কঠিন হৈ পৰে । ভাৰতীয় নৌসেনাৰ টাস্ক ফ’ৰ্চে কৰাচী বন্দৰৰ ওচৰত উপস্থিত হৈ দ্ৰুত আক্ৰমণ চলায় ।
কৰাচী বন্দৰৰ বিস্তৰ ক্ষতি-
কৰাচী বন্দৰত ভাৰতীয় নৌ সেনাই ধ্বংস কৰে তিনিখন ডাঙৰ জাহাজ । বন্দৰটোৰ তেল ডিপো আৰু অন্যান্য গুৰুত্বপূৰ্ণ অট্টালিকাসমূহত জুই লগাই দিয়া হয় । পি এন এছ খাইবাৰ আৰু পি এন এছ মহাফিজৰ দৰে পাকিস্তানী নৌসেনাৰ জাহাজ ডুব যায় । এই আক্ৰমণত পাকিস্তানে প্ৰায় ৭০০ কোটি টকা লোকচানৰ সন্মুখীন হ’বলগীয়া হয় । যিহেতু পাকিস্তানী বিমানত নিশা বোমা নিক্ষেপ কৰাৰ সামৰ্থ নাছিল, সেয়েহে আবেলিৰ পৰা পুৱাৰ ভিতৰত এই আক্ৰমণ সংঘটিত কৰা হ’ব বুলি পৰিকল্পনা কৰা হৈছিল ।
ভাৰতীয় নৌসেনাৰ বিজয় অভিযান-
ভাৰতীয় নৌসেনাৰ বাবে অপাৰেচন ট্ৰাইডেণ্ট সম্পূৰ্ণ সফল হৈছিল । ভাৰতীয় জাহাজসমূহ নিৰাপদে উভতি আহিছিল আৰু এই অভিযানত ভাৰতীয় নৌসেনাৰ কোনো লোকচান হোৱা নাছিল । এই অভিযানে ভাৰতীয় নৌসেনাৰ ক্ষেপণাস্ত্ৰ জাহাজ ব্যৱহাৰৰ প্ৰথমটো ঘটনা আছিল । এই অভিযানে ভাৰতীয় নৌসেনাৰ পৰিকল্পনা আৰু কাৰ্যকলাপ বিশ্বমানৰ বুলি প্ৰমাণ কৰিছিল ।
৪ ডিচেম্বৰত ভাৰতীয় নৌসেনা দিৱস কিয় ?
অপাৰেচন ট্ৰাইডেণ্টৰ সফলতাৰ স্মৃতিত ৪ ডিচেম্বৰ দিনটো ভাৰতীয় নৌসেনা দিৱস হিচাপে পালন কৰা হয় । এই দিৱস ভাৰতীয় নৌসেনাৰ শক্তি, সাহস আৰু অৱদানৰ প্ৰতীক । ভাৰতীয় নৌসেনা দিৱসে নৌসেনাৰ বীৰত্বৰ কথা সোঁৱৰাই দিয়াই নহয়, আমাৰ নিৰাপত্তাৰ ক্ষেত্ৰত নৌসেনাৰ অৱদান কিমান গুৰুত্বপূৰ্ণ সেই কথাও মন পেলাই দিয়ে । লগতে এই দিৱসটোৱে আমাক গৌৰৱেৰে প্ৰণাম জনোৱাৰ সুযোগ দিয়ে যিসকলে নিজৰ সাহস আৰু বলিদানৰ জৰিয়তে দেশ সুৰক্ষিত কৰিছিল ।