বাংলাদেশ ভ্ৰমণত আছে ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰী । সোমবাৰে তেওঁ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছক সাক্ষাৎ কৰে । অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা ইউনুছৰ প্ৰেছ সচিবে এই বৈঠকৰ বিষয়ে নিশ্চিত কৰিছে ।
ইয়াৰ পূৰ্বে আজি মিছৰীয়ে বৈদেশিক সচিব পৰ্যায়ৰ বৈঠকত বাংলাদেশত সংখ্যালঘুসকলৰ সুৰক্ষা আৰু নিৰাপত্তা সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰাৰ সময়ত “সাংস্কৃতিক, ধৰ্মীয় আৰু কূটনৈতিক সম্পদৰ ওপৰত আক্ৰমণৰ দুখজনক ঘটনা” বিষয়টো উত্থাপন কৰে । বৈদেশিক সচিবগৰাকীয়ে বাংলাদেশৰ বৈদেশিক সচিব মহম্মদ জাছিম উদ্দিনৰ সৈতে এই বৈঠকত মিলিত হয় ।
আগষ্ট মাহত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ চৰকাৰ উৎখাত হোৱাৰ পিছত ভাৰতৰ এইটোৱেই প্ৰথম উচ্চ পৰ্যায়ৰ ভ্ৰমণ । মিশ্ৰীয়ে প্ৰকাশ কৰে যে নতুন দিল্লীয়ে ঢাকাৰ সৈতে ‘ইতিবাচক, গঠনমূলক আৰু পাৰস্পৰিকভাৱে লাভজনক’ সম্পৰ্ক গঢ়ি তুলিব বিচাৰে । জাছিম উদ্দিনক সাক্ষাৎ কৰাৰ পাছত মিশ্ৰীয়ে সাংবাদিকৰ আগত কয়, ‘আজিৰ আলোচনাই আমাৰ দুয়োৰে সম্পৰ্কৰ মূল্যায়নৰ সুযোগ দিছে । মোৰ সকলো আলোচনাপন্থীৰ সৈতে স্পষ্ট, সহজ আৰু গঠনমূলক মতামত বিনিময় কৰাৰ আজিৰ সুযোগৰ মই শলাগ লৈছো ।’
বিবৃতি জাৰি কৰি কি ক’লে বৈদেশিক মন্ত্ৰালয়ে-
ইয়াৰ উপৰিও অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছ আৰু বৈদেশিক পৰিক্ৰমা উপদেষ্টা মহম্মদ তৌহিদ হুছেইনক সাক্ষাৎ কৰে মিশ্ৰীয়ে । এই বৈঠকসমূহৰ সময়ত মিশ্ৰীয়ে গণতান্ত্ৰিক, সুস্থিৰ, শান্তিপূৰ্ণ, প্ৰগতিশীল আৰু সৰ্বাংগীন বাংলাদেশৰ প্ৰতি ভাৰতৰ সমৰ্থনৰ ওপৰত আলোকপাত কৰে বুলি নতুন দিল্লীৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত প্ৰকাশ কৰে । বিবৃতিত কোৱা হৈছে যে, “তেওঁ পাৰস্পৰিক বিশ্বাস-সন্মান আৰু ইজনে সিজনৰ উদ্বেগ আৰু স্বাৰ্থৰ প্ৰতি পাৰস্পৰিক সংবেদনশীলতাৰ ওপৰত আধাৰিত কৰি বাংলাদেশৰ সৈতে এক ইতিবাচক আৰু গঠনমূলক সম্পৰ্ক গঢ়ি তোলাৰ ভাৰতৰ আকাংক্ষাৰ কথা দোহাৰে ।” তেওঁ কয় যে আগষ্টত বাংলাদেশত ৰাজনৈতিক পৰিৱৰ্তনৰ বাবে দিল্লীয়ে সম্পৰ্ক ব্যাহত হোৱাৰ কোনো কাৰণ দেখা নাই ।