টীম ইণ্ডিয়াই ২২ নৱেম্বৰৰ পৰা অষ্ট্ৰেলিয়াৰ সৈতে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ২০২৪/২৫ত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে । অৱশ্যে, আগন্তুক শৃংখলাটোৰ বিষয়ে ভাল খবৰ পোহৰলৈ অহা নাই । কোৱা হৈছে যে ব্যক্তিগত কাৰণত নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাক প্ৰথম টেষ্ট মেচৰ পৰা আঁতৰাই ৰখা হ’ব পাৰে । যদি ‘হিটমেন’ শৰ্মাই পাৰ্থ টেষ্ট মেচত নেখেলে, তেন্তে দলটোক কোনে নেতৃত্ব দিব ? এইটো এটা ডাঙৰ প্ৰশ্ন । ৰোহিতৰ অনুপস্থিতিত কোনে দলটোক নেতৃত্ব দিব সেয়া জানিবলৈ ক্ৰিকেট অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছে ।
মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে সংবাদমেলত ইয়াৰ উত্তৰ দিছে । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি গম্ভীৰে কয়, “বুমৰাহ দলটোৰ উপ-অধিনায়ক । যদি ৰোহিত খেলখনৰ বাবে উপলব্ধ নহয়, তেন্তে তেওঁ পাৰ্থত দলটোৰ অধিনায়কত্ব কৰিব ।”
এতিয়া প্ৰশ্ন উত্থাপিত হৈছে, যদি যশপ্ৰীত বুমৰাহ ৰোহিত শৰ্মাৰ অনুপস্থিতিত টেষ্ট দলৰ অধিনায়ক হয়, দলটোৰ প্ৰদৰ্শন কেনেকুৱা হ’ব ? উল্লেখ্য যে ২০২২ চনত, টীম ইণ্ডিয়াৰ নিয়মীয়া অধিনায়কৰ অনুপস্থিতিত, যশপ্ৰীত বুমৰাহে ইংলেণ্ডৰ বিৰুদ্ধে বাৰ্মিংহাম টেষ্টত দলটোক নেতৃত্ব দিছিল । এই সময়ছোৱাত, দলটোৱে পৰাজয়ৰ সন্মুখীন হ’ব লগা হৈছিল ।
টেষ্ট ক্ৰিকেটৰ উপৰিও বুমৰাহে তিনিখন টি-২০ খেলত ৰাষ্ট্ৰীয় দলৰ অধিনায়কত্ব কৰিছে । এই সময়ছোৱাত, মেন ইন ব্লু দলে দুয়োখন মেচতে বিজয় সাব্যস্ত কৰিছে । ২০২৩ চনত, বুমৰাহক আয়াৰলেণ্ড ভ্ৰমণৰ বাবে দলটোক নেতৃত্ব দিয়াৰ দায়িত্ব দিয়া হৈছিল ।
বুমৰাহৰ টেষ্ট কেৰিয়াৰ-
বুমৰাহৰ টেষ্ট কেৰিয়াৰৰ বিষয়ে ক’বলৈ গ’লে, তেওঁ এতিয়ালৈকে দেশৰ হৈ মুঠ ৪০ খন টেষ্ট মেচ খেলিছে । এই সময়ছোৱাত, তেওঁ ৭৭ টা ইনিংছত ২০.৫৭ গড়ে ১৭৩ টা উইকেট দখল কৰিছে । টেষ্ট ক্ৰিকেটত, তেওঁ ১০ বাৰ ৫ টা উইকেট লোৱাৰ কৃতিত্ব লাভ কৰিছে । টেষ্টত তেওঁৰ ব্যক্তিগত শ্ৰেষ্ঠ বলিং প্ৰদৰ্শন হৈছে ২৭ ৰাণত ৬ টা উইকেট । ইফালে, বেটিংৰ সময়ত তেওঁ ৬১ টা ইনিংছত ৭.০৭ গড়ে ২৯০ ৰাণ সংগ্ৰহ কৰিছে ।
বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ২০২৪/২৫ সম্পূৰ্ণ সময়সূচী :
প্ৰথম টেষ্ট – নৱেম্বৰ ২২ ৰ পৰা ২২ – পাৰ্থ
দ্বিতীয় টেষ্ট – ডিচেম্বৰ ৬ ৰ পৰা ১০ – এডিলেড
তৃতীয় টেষ্ট – ডিচেম্বৰ ১৪ ৰ পৰা ১৮ – ব্ৰিছবেন
চতুৰ্থ টেষ্ট – ডিচেম্বৰ ২৬ ৰ পৰা ৩০ – মেলবৰ্ণ
পঞ্চম টেষ্ট – জানুৱাৰী ৩ ৰ পৰা ৭ – চিডনী
বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ২০২৪/২৫ ৰ বাবে ভাৰতীয় দল-
ৰোহিত শৰ্মা (অধিনায়ক), যশপ্ৰীত বুমৰাহ (উপ-অধিনায়ক), যশস্বী জয়ছোৱাল, অভিমন্যু ঈশ্বৰণ, শুভমন গীল, বিৰাট কোহলী, কে এল ৰাহুল, ঋষভ পন্ট (উইকেটকীপাৰ), চৰফৰাজ খান, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), আৰ অশ্বিন, ৰবীন্দ্ৰ জাডেজা, মহম্মদ চিৰাজ, আকাশ দীপ, প্ৰসিদ্ধ কৃষ্ণ, হৰ্ষিত ৰাণা, নীতিশ কুমাৰ ৰেড্ডী, আৰু ৱাশ্বিংটন সুন্দৰ ।