শুভমন গীলৰ নেতৃত্বত ডব্লিউ টি চিৰ নতুন চক্ৰত ভাল আৰম্ভণি ভাৰতৰ
ভাৰত আৰু ইংলেণ্ডৰ মাজত ৫ খনীয়া মেচৰ টেষ্ট শৃংখলাৰ অতি ৰোমাঞ্চকৰ ৰূপত অন্ত পৰিল । ২০ জুনত লিডছত আৰম্ভ হোৱা এই টেষ্ট শৃংখলাৰ ৪ আগষ্টত অ’ভেলত অন্ত পৰে । অভেল টেষ্টত ৬ ৰানৰ ৰোমাঞ্চকৰ জয় সাব্যস্ত কৰি শুভমন গীলৰ নেতৃত্বাধীন টিম ইণ্ডিয়াই ড্ৰ’ত শৃংখলাৰ অন্ত পেলায় । অভেল টেষ্টৰ ফলাফলে কেৱল ছিৰিজৰ স্ক’ৰলাইনত প্ৰভাৱ পেলোৱাই নহয় বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট টেবুলতো দেখা গ’ল ইয়াৰ প্ৰভাৱ । এই জয়ৰ লগে লগে ভাৰতে পইণ্টত টেবুল ইংলেণ্ডক পিছু পেলাইছে ।
ডব্লিউ টি চিৰ চতুৰ্থ চক্ৰত ভাৰত আৰু ইংলেণ্ডে প্ৰথমখন ছিৰিজ খেলিছিল । ইংলেণ্ডে জয়েৰে শৃংখলা আৰম্ভ কৰিছিল যদিও টিম ইণ্ডিয়াই পুনৰ উভতি আহি এডগবাষ্টনত সমতা স্থাপন কৰিছিল । তাৰ পাছত লৰ্ডছত খেলা তৃতীয়খন টেষ্টত ইংলেণ্ডে এক ৰোমাঞ্চকৰ জয় লাভ কৰি অগ্ৰগতি লাভ কৰে । মানচেষ্টাৰ টেষ্টত পৰাজয়ৰ পৰা হাত সাৰি ড্ৰ’ লাভ কৰে টিম ইণ্ডিয়াই । ইয়াৰ পিছত সকলোৰে দৃষ্টি ছিৰিজৰ সিদ্ধান্তৰ বাবে অভেল টেষ্টৰ ওপৰত আছিল ।
অভেল টেষ্টৰ পাছত ভাৰত আৰু ইংলেণ্ডৰ অৱস্থান-
মানচেষ্টাৰ টেষ্টৰ পিছত ইংলেণ্ডে ২৬ পইণ্ট আৰু ৫৪.১৭ পইণ্ট শতাংশ (পি চি টি) লাভ কৰি ডব্লিউ টি চি পইণ্ট তালিকাত তৃতীয় স্থানত আছিল । ১৬ পইণ্ট আৰু ৩৩.৩৩ পি চি টিৰে চতুৰ্থ স্থানত আছিল টিম ইণ্ডিয়া । অভেল টেষ্টত টিম ইণ্ডিয়াৰ জয়ৰ লগে লগে পৰিস্থিতি সলনি হয় । পঞ্চম টেষ্টত জয়লাভ কৰাৰ পাছত টিম ইণ্ডিয়াই ২৮ পইণ্ট আৰু ৪৬.৬৭ পি চি টি লাভ কৰি ইংলেণ্ডৰ পৰা তৃতীয় স্থান কাঢ়ি লৈ যায় । ইংলেণ্ডৰ হাতত মাত্ৰ ২৬ পইণ্ট বাকী থকাৰ বিপৰীতে পি চি টি ৪৩.৩৩ লৈ হ্ৰাস পাই চতুৰ্থ স্থানলৈ অৱনমিত হয় ।
পইণ্ট টেবুলৰ বাকী দলসমূহৰ কথা ক’বলৈ গ’লে প্ৰাক্তন চেম্পিয়ন অষ্ট্ৰেলিয়া এতিয়াও প্ৰথম স্থানত আছে, যিয়ে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তিনিওখন মেচতে জয়লাভ কৰিছে । দ্বিতীয় স্থানত আছে শ্ৰীলংকা, যিয়ে বাংলাদেশৰ বিৰুদ্ধে এখন মেচত জয়লাভ কৰি এখন মেচ ড্ৰ’ কৰিছিল । ডিফেণ্ডিং চেম্পিয়ন দক্ষিণ আফ্ৰিকাৰ বাহিৰেও পাকিস্তান আৰু নিউজীলেণ্ডে এই চক্ৰত এতিয়াও অভিযান আৰম্ভ কৰা নাই ।
লগতে পঢ়ক : অভেল টেষ্টত ভাৰতীয় দলৰ ঐতিহাসিক বিজয়… শ্বাসৰুদ্ধকৰ মেচত ৬ ৰানত জয়লাভ টীম ইণ্ডিয়াৰ