WWE ৰ কিংবদন্তি হাল্ক হোগানৰ মৃত্যু
WWE ৰ প্ৰবীণ মল্লযুঁজাৰু টেৰী ব’লিয়া, যাক হাল্ক হোগান বুলিও কোৱা হয়। তেওঁৰ ৭১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়।
বৃহস্পতিবাৰে পুৱা তেওঁৰ স্বাস্থ্যজনিত সমস্যা হৈছিল।ইয়াৰ পিছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু তথাপিও মল্লযুঁজৰ কিংবদন্তিগৰাকীক বচাব পৰা নাছিল।
হাল্ক হোগানে নিজৰ মল্লযুঁজ আৰু ব্যক্তিত্বৰ বাবে ১৯৮০ আৰু নব্বৈৰ দশকত এক চিনাকী নাম হৈ পৰিছিল।তেওঁ চিনেমাতো কাম কৰি নিজৰ সুকীয়া পৰিচয় সৃষ্টি কৰিছিল।
১৯৫৩ চনৰ ১১ আগষ্টত জৰ্জিয়াৰ অগাষ্টাত জন্মগ্ৰহণ কৰা হাল্ক আছিল পেছাদাৰী মল্লযুঁজৰ ইতিহাসৰ অন্যতম চিনাকি ব্যক্তি।
২০০৫ চনত এবাৰ একক অংশগ্ৰহণকাৰী হিচাপে আৰু ২০২০ চনত পুনৰ nWo ৰ সদস্য হিচাপে দুবাৰকৈ WWE হল অৱ ফেমত অন্তৰ্ভুক্ত কৰা হৈছে।
লগতে পঢ়ক: ঋষভ পন্তৰ ভাঙিল বুঢ়া আঙুলি; ৬ সপ্তাহ জিৰণিৰ পৰামৰ্শ, দলৰ পৰা হ’ব নেকি বাহিৰ