মহিলা প্ৰিমিয়াৰ লীগ ২০২৫ (WPL)ৰ নিলাম সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে । এই লীগৰ বাবে ১২০ গৰাকী খেলুৱৈৰ তালিকা প্ৰকাশ কৰা হৈছে । অহা ১৫ ডিচেম্বৰত বাংগালুৰুত অনুষ্ঠিত হ’ব মহিলা আই পি এল বা মহিলা প্ৰিমিয়াৰ লীগৰ নিলাম । ইয়াৰ বাবে পাঁচোটা ফ্ৰেঞ্চাইজিৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে । ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে নিলামৰ বাবে ৯১গৰাকী ভাৰতীয় খেলুৱৈক চূড়ান্ত কৰিছে । আনহাতে ২৯ গৰাকী বিদেশী খেলুৱৈয়েও নিলামত অংশগ্ৰহণ কৰিব ।
শনিবাৰে নিশা প্ৰকাশ পাইছে ডব্লিউ পি এলৰ নিলামৰ ১২০ গৰাকী খেলুৱৈৰ তালিকা । ইয়াত ৯ গৰাকী কেপড ভাৰতীয় খেলুৱৈ আছে । ২১ গৰাকী বিদেশী খেলুৱৈয়ে এই নিলামত অংশগ্ৰহণ কৰিব । ইয়াৰ লগতে ৮২ গৰাকী ভাৰতীয় অনকেপড খেলুৱৈকো নিলামৰ তালিকাত ৰখা হৈছে । ইয়াত ইংলেণ্ডৰ হিদাৰ নাইটৰ ভিত্তি মূল্য সৰ্বাধিক । হিদাৰৰ ভিত্তি মূল্য ৫০ লাখ টকা । একাংশ খেলুৱৈৰ ভিত্তি মূল্য ৩০ লাখ টকা । আনহাতে বহু খেলুৱৈৰ ভিত্তি মূল্য ১০ লাখ টকা ।
কোনটো দলৰ হাতত বেছি টকা আছে –
গুজৰাট জায়েন্টছৰ হাতত সৰ্বাধিক ধন বাকী আছে । তেওঁলোকৰ পাৰ্চত নিলামৰ বাবে আছে ৪.৪০ কোটি টকা । তেওঁলোকে ৰিটেনচনত ১০.৬০ কোটি টকা ব্যয় কৰিছে । ইউ পি ৱাৰিয়ৰ্ছৰ হাতত বাকী আছে ৩.৯০ কোটি টকা । তেওঁলোকে ৰিটেনচনত ১১.১০ কোটি টকা ব্যয় কৰিছে । আনহাতে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ হাতত ৩.২৫ কোটি টকা বাকী আছে । ইতিমধ্যে আৰ চি বিয়ে ৰিটেনছনত ১১.৭৫ কোটি টকা ব্যয় কৰিছে । দিল্লী কেপিটেলছৰ হাতত আছে সৰ্বনিম্ন ধন । তেওঁলোকে ১২.৫০ কোটি টকা ব্যয় কৰিছে । এতিয়া বাকী আছে ২.৫০ কোটি । আনহাতে মুম্বাই ইণ্ডিয়ানৰ হাতত আছে ২.৬৫ কোটি টকা ।
কোনটো দলত কিমান খেলুৱৈৰ প্ৰয়োজন ?
দিল্লী কেপিটেলছে ৪ গৰাকী খেলুৱৈ কিনিব লাগিব । ইয়াত ১ জন বিদেশী খেলুৱৈ থাকিব । গুজৰাটতো চাৰিগৰাকী খেলুৱৈৰ প্ৰয়োজন । ইয়াত ২ গৰাকী বিদেশী খেলুৱৈ থাকিব । মুম্বাই ইণ্ডিয়ানছকো ৪ গৰাকী খেলুৱৈৰ প্ৰয়োজন । ইয়াত এগৰাকী বিদেশী খেলুৱৈ থকাটো প্ৰয়োজনীয় । RCB ৰ বাবে ৪ গৰাকী খেলুৱৈৰ প্ৰয়োজন । এই সকলোবোৰ ভাৰতীয় খেলুৱৈ হ’ব পাৰে । আনহাতে ইউ পি ৱাৰিয়ৰ্ছক এগৰাকী বিদেশীকে ধৰি ৩ গৰাকী খেলুৱৈৰ প্ৰয়োজন ।