পাকিস্তানৰ বিৰুদ্ধে নীতিন গাডকাৰীৰ ডাঙৰ বক্তব্য
দেওবাৰে নাগপুৰত অনুষ্ঠিত ‘সীমান্তৰ বাহিৰত’ গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে বিশ্ব সংঘৰ্ষ আৰু মানৱীয় সংকটক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰে।
তেওঁ কয় যে বৰ্তমান বিশ্বত সংঘাতৰ পৰিৱেশ বিৰাজ কৰিছে। ইজৰাইল আৰু ইৰাণৰ মাজত, আৰু ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যি ঘটি আছে তাৰ পটভূমিত যিকোনো সময়তে বিশ্বযুদ্ধ আৰম্ভ হ’ব পাৰে।
নীতিন গাডকাৰীয়ে কয় যে আজিৰ যুদ্ধ এতিয়া কেৱল জোৱানৰ মাজতে সীমাবদ্ধ হৈ থকা নাই, বৰঞ্চ ক্ষেপণাস্ত্ৰ, ড্ৰোন আৰু উন্নত প্ৰযুক্তিৰ জৰিয়তে সাধাৰণ নাগৰিকক প্ৰত্যক্ষভাৱে লক্ষ্য কৰি লোৱা হৈছে।
ভাষণত গাডকাৰীয়ে মহাশক্তিৰ একনায়কত্ববাদী আৰু স্বৈৰাচাৰী স্বৰূপক প্ৰত্যক্ষভাৱে আক্ৰমণ কৰে। সমন্বয়, সম্প্ৰীতি আৰু প্ৰেমৰ মনোভাৱ কমি আহিছে বুলিও তেওঁ কয়।
মানৱতাক ৰক্ষা কৰাটো কঠিন হৈ পৰিছে, কাৰণ সাধাৰণ নাগৰিকসকলো যুদ্ধৰ লক্ষ্য হৈ পৰিছে।ক্ষেপণাস্ত্ৰ আক্ৰমণ এতিয়া অসামৰিক বসতিস্থলত উপনীত হৈছে।
যুদ্ধ কেৱল সামৰিক নহয় এতিয়া নৈতিক আৰু সামাজিক যুদ্ধও চলি আছে। মধ্যপ্ৰাচ্যৰ ইজৰাইল,ইৰাণ,ইউৰোপৰ,ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত অহৰহ উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে গাডকাৰীৰ এই মন্তব্য।
বিশ্বযুদ্ধত ভাৰতৰ ভূমিকা কি হ’ব?
বিশ্বৰ যুদ্ধৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত গাডকাৰীয়ে ভাৰতক বুদ্ধৰ দেশ বুলি অভিহিত কৰি কয় যে ভাৰত সদায় সত্য, অহিংসা আৰু শান্তিৰ দূত।
এনে পৰিস্থিতিত ভাৰতে বিশ্বব্যাপী মঞ্চত শান্তি আৰু সমন্বয়ৰ প্ৰচেষ্টাৰ নেতৃত্ব দিয়াটো প্ৰয়োজনীয়।তেওঁ লগতে কয় যে বৰ্তমান বিশ্ব সংঘাতৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে নিজৰ কৌশলগত পন্থা পুনৰীক্ষণ কৰা উচিত।
আন্তঃৰাষ্ট্ৰীয় কূটনীতিত শান্তিৰ পদক্ষেপক অগ্ৰাধিকাৰ দিয়া উচিত। আমি বিবেচনা কৰিব লাগিব যে আমাৰ বৈদেশিক নীতিয়ে মানৱতাক ৰক্ষা কৰাত কেনেদৰে সহায় কৰিব পাৰে।
লগতে পঢ়ক: ‘পহলগাম কাণ্ড আছিল সমগ্ৰ মানৱতাৰ ওপৰত আক্ৰমণ…’;BRICS ত প্ৰধানমন্ত্ৰী মোদীৰ ডাঙৰ মন্তব্য