ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাই টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত এইবাৰ বেটছমেন বিৰাট কোহলীয়েও টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছে ।
এনে পৰিস্থিতিত ইংলেণ্ড ভ্ৰমণত তেওঁৰ দলৰ অংশ হোৱাৰ সম্ভাৱনা বহু কম।ক্ৰিকেটাৰ গৰাকীয়ে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডক জনাইছে যে তেওঁ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ল’ব বিচাৰে।অৱশ্যে শীৰ্ষ বিষয়াসকলে তেওঁক এই সিদ্ধান্তৰ ওপৰত পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনাইছে।
এতিয়া লক্ষ্যণীয় হ’ব বাছনি সমিতিয়ে কেতিয়া ইংলেণ্ড ভ্ৰমণৰ বাবে দল ঘোষণা কৰিব, কোহলীৰ ভৱিষ্যত সন্দৰ্ভত কি সিদ্ধান্ত লোৱা হয়?
বিৰাটৰ পূৰ্বে বুধবাৰে (৭ মে’) টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল হিটমেন ৰোহিত শৰ্মাই।৭ মে’ত তেওঁ ইনষ্টাগ্ৰামৰ এটা ষ্ট’ৰী শ্বেয়াৰ কৰি ৰেডবল ক্ৰিকেটৰ পৰা বিদায় লয়।
জানিব পৰা মতে বিৰাট কোহলীয়ে ইতিমধ্যে এই বিষয়ত সিদ্ধান্ত লৈছে। বি চি চি আই য়ে অনুৰোধ কৰিছে যদিও এই অনুৰোধৰ প্ৰতি তেওঁ কোনো সঁহাৰি দিয়া নাই।