আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১৭ বছৰ সম্পূৰ্ণ কিং কোহলীৰ
১৮ আগষ্টৰ দিনটো টিম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীৰ বাবে অতি বিশেষ । ১৭ বছৰ পূৰ্বে ২০০৮ চনৰ আজিৰ দিনটোতে বিৰাট কোহলীয়ে ভাৰতীয় দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটাইছিল । ডাম্বুল্লাত শ্ৰীলংকাৰ বিৰুদ্ধে কোহলীয়ে প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল, যিখন এদিনীয়া মেচ আছিল । সেই মেচত কোহলীয়ে ২২টা বল খেলি ১২ ৰান সংগ্ৰহ কৰিছিল । সেই মেচখন ভাৰতীয় দলৰ বাবে স্মৰণীয় নাছিল কিয়নো দলটো ৮ উইকেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল ।
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বিৰাট কোহলীয়ে অভিষেকৰ ঘটোৱাৰ পিছৰ পৰা পিছলৈ কেতিয়াও ঘূৰি চোৱা নাই আৰু ১৭ বছৰীয়া কেৰিয়াৰত বহু ৰান সংগ্ৰহ কৰিছে তেওঁ । কোহলীয়ে ভাৰতীয় দলৰ হৈ এতিয়ালৈকে ৫৫০খন খেল খেলিছে, য’ত তেওঁ ৫২.২৭ গড়ে ২৭৫৯৯ ৰান সংগ্ৰহ কৰিছে । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কোহলীয়ে ৮২টা শতক আৰু ১৪৩টা অৰ্ধশতক অৰ্জন কৰিছে । এই সময়ছোৱাত তেওঁৰ বেটৰ পৰা ৩০৬টা ছয় আৰু ২৭২১টা চাৰি আহিছে ।
বিৰাট কোহলীয়ে এতিয়ালৈকে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ প্ৰায় প্ৰতিটো ডাঙৰ ট্ৰফী লাভ কৰিবলৈ সক্ষম হৈছে । ২০১১ চনত এদিনীয়া বিশ্বকাপ জয় কৰা ভাৰতীয় দলৰ অংশ আছিল কোহলী । তাৰ পিছত ২০১৩ আৰু ২০২৫ চনৰ আই চি চি চেম্পিয়নছ ট্ৰফীত টিম ইণ্ডিয়াই খিতাপ জয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল তেওঁ । ২০২৪ চনৰ টি-২০ বিশ্বকাপ জয় কৰা ভাৰতীয় দলৰো অংশ আছিল কিং কোহলী । কোহলীৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে দীৰ্ঘদিন ধৰি আই চি চি টেষ্ট ৰেংকিঙত এক নম্বৰ স্থানত থাকি টেষ্ট মেচ নিজৰ লগত ৰাখিছিল । উল্লেখ্য যে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC) আৰম্ভ হোৱাৰ পূৰ্বে এই বঁটা ১ নম্বৰৰ দলটোক দিয়া হৈছিল ।
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত লাভ কৰা বঁটা-
বিৰাট কোহলীয়ে ২০১৬ চনৰ টি-২০ বিশ্বকাপত ‘প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট’ খিতাপ দখল কৰিছিল । তাৰ পিছত ২০২৩ চনৰ ক্ৰিকেট বিশ্বকাপতো ‘প্লেয়াৰ অৱ দ্য ছিৰিজ’ৰ খিতাপ লাভ কৰিছিল । বিৰাট কোহলীয়ে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত ৪৩ বাৰকৈ ‘প্লেয়াৰ অৱ দ্য মেচ’ বঁটা লাভ কৰি তেওঁৰ ধাৰাবাহিকতা প্ৰকাশ কৰিছে । একে সময়তে কোহলীয়ে টি-২০ত ১৬ বাৰ ‘প্লেয়াৰ অৱ দ্য মেচ’ হিচাপে পৰিগণিত হৈছে । ৩৬ বছৰীয়া কোহলীয়ে টেষ্টত ১০ বাৰ ‘প্লেয়াৰ অৱ দ্য মেচ’ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ।
টি-২০ বিশ্বকাপ ২০২৪ৰ পিছত বিৰাট কোহলীয়ে টি-২০ ইণ্টাৰনেশ্যনেলৰ পৰা বিদায় লৈছিল । তাৰ পিছত চলিত বৰ্ষৰ ১২ মে’ত কোহলীয়ে টেষ্ট ক্ৰিকেটৰ পৰাও অৱসৰ লোৱাৰ কথা ঘোষণা কৰে । টি-২০ আৰু টেষ্টৰ পৰা অৱসৰ লোৱাৰ পিছত ভাৰতৰ হৈ এতিয়া কেৱল এদিনীয়া ক্ৰিকেটতহে উপলব্ধ কোহলী ।
বিৰাট কোহলীক কেৱল ক্ৰিকেটৰ ৰজা বুলি কোৱাই নহয়, নিজৰ ফিটনেছ আৰু জয়ৰ ক্ষুধাৰে কোহলী নতুন প্ৰজন্মৰ ক্ৰিকেটাৰৰ বাবে আদৰ্শতকৈ কম নহয় । ১৭ বছৰ ধৰি তেওঁৰ যাদু অক্ষত অৱস্থাত আছে আৰু ক্ৰিকেট প্ৰেমীসকলে আশা কৰিছে যে অনাগত সময়তো কোহলীয়ে নিজৰ বেটেৰে বহু অভিলেখ গঢ়িব ।
লগতে পঢ়ক : দুলীপ ট্ৰফীৰ পৰা বাহিৰ হ’ল ঈশান কিষাণ; এইজন খেলুৱৈয়ে লাভ কৰিলে অধিনায়কত্ব